নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু !

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ তেজপুৰবাসীৰ লগতে মিচন চাৰিআলিৰে দৈনিক যাতায়ত কৰা লোকসকলৰ বাবে সুখবৰ । কাৰণ অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ'ব এখন উৰণীয়া সেঁতু । এইকথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত…

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মহানগৰবাসী

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগাৰ সমান্তৰালকৈ কৃত্ৰিম বান আৰু তীব্ৰ যান-জঁটৰ লগতে অন্যান্য সমস্যাৰ সৈতে সহাৱস্থান কৰা মহানগৰবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । যি সময়ত গুৱাহাটী মহানগৰীক…

ঝাৰখণ্ড নিৰ্বাচনঃ ৫৫ জন কোটিপতি প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ আগন্তুক ৩০ নৱেম্বৰৰ পৰা ঝাৰখণ্ডত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ১৮৯ গৰাকী প্ৰাৰ্থীৰ ৫৫ গৰাকীয়েই হৈছে কোটিপতি । এছ'চিয়েন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'ৰ্মছ…

ডিগৱৈত ভয়াবহ পথ দুৰ্ঘটনা নিহত ৫

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ দেওবাৰে মাজনিশা ডিগৱৈৰ পাৱৈৰ ৩৮ নং ঘাইপথত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ঘটনাস্থলীত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়। উল্লেখ্য যে তিনিচুকীয়া মাৰ্ঘেৰিটা অভিমুখী…

নতুন যানবাহন আইনৰ জৰিয়তে ৫৭৭ কোটি টকা জৰিমনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ দেশজুৰি নতুন যান-বাহন আইন প্ৰয়োগ হোৱাৰ পিছৰে পৰা ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৩৮ লাখ চালান কটা হৈছে । অৰ্থাৎ যান-বাহন চালকৰ বিৰুদ্ধে প্ৰশাসনে এই চালানবোৰ ইছ্যু কৰা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু…

মধ্য প্ৰদেশত ২ টা মূৰ আৰু ৩ টা হাতৰ অদ্ভূত শিশু

নিউজডেস্ক, ২৫ নৱেম্বৰঃ মধ্য প্ৰদেশৰ ভিডিছা চিটিৰ এগৰাকী ২১ বছৰীয়া মহিলাই শনিবাৰে জন্ম দিলে এটা অদ্ভূত শিশু । জিলা হাস্পতালত জন্ম লাভ কৰা এই শিশুটি জন্মৰ পৰায়ে আছে ২ টা মূৰ আৰু ৩ টাকৈ হাত । ইপিনে হাস্পতালখনৰ চিকিৎসকে জনোৱা অনুসৰি চ'নোগ্ৰাফি…

বীৰেন সিংহক আদ্য শৰ্মা স্মাৰক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী বীৰেন সিংহক গুৰুজী আদ্য শৰ্মা স্মাৰক বঁটা- ২০১৯ প্ৰদান কৰা হয় । বৃন্দাবন থিয়টাৰে নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সহযোগত এই বঁটা প্ৰদান কৰে । দেওবাৰে সন্ধিয়া ৮.৩০ বজাত ৰাস…

থলগিৰি–মাটিগিৰি হাতীগিৰিৰ অৱস্থা সংকটতঃ বন বিভাগৰ ছত্রছায়াত হাতীৰ চোৰাং সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ৰাজ্যত বন বিভাগৰ ছত্রছায়াতে সংগঠিত ৰূপত অব্যাহত আছে বন্যহস্তীৰ চোৰাং সৰবৰাহ ৷ এটা বিশেষ জাতিৰ ঐতিহ্য মাটিত মিহলাই দিব পৰা ধৰণৰ এক ভয়ানক অভিসন্ধি চলিছে হাতীৰ আন্তঃৰাজ্যিক চোৰাং ব্যৱসায়ৰ জৰিয়তে ৷ সর্বজনবিদিত যে…

ফেচবুক প্ৰেমঃ চাৰিদিনত দুই যুৱতী বিয়া কৰাই অন্তৰ্ধান যুৱক

নিয়মীয়া বার্তা,২৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰিৰ নিমুৰিৰ প্রশান্ত বৰুৱা নামৰ এজন যুৱকে চাৰি দিনৰ ভিতৰতে দুগৰাকী যুৱতীক বিয়া কৰাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত অন্তর্ধান হৈছে ৷ প্রাপ্ত তথ্য অনুসৰি, ছমাহ পূর্বে নাৰায়ণপুৰৰ কিনাপথাৰৰ এগৰাকী যুৱতীক…

কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্থল-বায়ু-নৌ সেনাই চলাব যৌথ অভিযান

নিউজডেস্ক, ২৫ নৱেম্বৰঃ কাশ্মীৰত সন্ত্ৰাসবাদ নিষ্পত্তি কৰাৰ বাবে ভাৰতীয় সেনাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে স্থল-নৌ আৰু বায়ু সেনাক মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে । তিনি বিশেষ বাহিনী ক্ৰমে…