নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত মামা খোজ কাঢ়িব পৰাকৈ আমাক জীয়াই থাকিবলৈ দিয়ক

*ছয়গাওঁ মেৰগান্দাৰ  বিশেষ ভাৱে সক্ষম তিনি বাই ভনীৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ*

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ:   হিমন্ত মামা আমাক জীয়াই থাকিবলৈ দিয়ক। আমাক খোজ কাঢ়ি ফুৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়ক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এই কাতৰ আহ্বান একেটা পৰিয়ালৰ তিনি গৰাকীকৈ বিশেষ ভাৱে সক্ষম যুৱতীৰ। উল্লেখ্য যে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ চৰাইমাৰী মেৰগান্দা তিনি বাই ভনী ক্ৰমে চাহেবা বেগম(৩৫), চহিবা বেগম (৩১), জুনুমনি বেগম (২৮)। দৰীদ্ৰ কৃষক জামাত আলী আৰু আইকন বিবিৰ তিনি কন্যাই সম্প্ৰতি এখন বিছনাকে একমাত্ৰ সংগী কৰি পাৰ কৰিছে দুৰ্বিসহ জীৱন। কাৰন জন্ম হোৱাৰ দহ বছৰ পিছতেই এজনী এজনীকৈ তিনিও গৰাকী যুৱতীয়ে দুয়ো খন ভৰিৰে খোজ কাঢ়িব নোৱাৰে। বৰ্তমান তেওলোক বিকলাঙ্গ হৈ পৰিছে।

 

চৰকাৰী কোনো ধৰণৰ আচনি লাভ কৰিবলৈ সক্ষম নোহোৱা পৰিয়ালটিয়ে দিগবিদিক হেৰুৱাই চকু পানীৰে বাট নেদেখা পৰিস্থিতিয়ে বিৰাজ কৰিছে। মাতৃ আইকন বিবিয়ে তিনিও গৰাকী যুৱতীক পিঠিত লৈ চলা ফুৰা কৰাইছে চাহেবা, চহিবা, আৰু জুনুমনিক। চিকিৎসা কৰি কৰি ভাগৰি পৰা যুৱতী কেই গৰাকীক উন্নত চিকিৎসাৰ বাবে এতিয়া বহু ধনৰ প্ৰয়োজন। কিন্তু বিহাৰৰ পাটনালৈ নি অপাৰেচন কৰিলে সুস্থ হব বুলি পৰামৰ্শ দিছে চিকিৎসকে। যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় ভিক্ষা কৰিছে তিনিও গৰাকী যুৱতীয়ে। কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢালে হয়টো পুৰ্বৰ দৰে চলামিলা কৰিব পাৰিব বুলিও জানিবলৈ দিছে তেওঁলোকে। ইফালে, নিয়মীয়া বাৰ্তাৰ সাংবাদিকৰ আগত কান্দি কান্দি তিনি বাই ভনী তথা পৰিয়ালটোৱে আজি পৰ্যন্ত অৰুনোদয়কে ধৰি কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য পাবলৈ সক্ষম নোহোৱা বুলি সদৰি কৰিছে।
You might also like