নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰদুংলা চেলেঞ্জ–লাডাখ মাৰাথনত উজলিল দুই অসমীয়া

১৭ হাজাৰ ফুট উচ্চতাত ৭২ কিঃমিঃ সম্পূর্ণ ডাঃ প্রণামী চক্রৱর্তী–অনুপম ডেকাৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: গুৱাহাটীৰ দুই দৌৰবিদ ডাঃ প্রণামী চক্রৱর্তী আৰু অনুপম ডেকাই প্রখ্যাত আল্ট্রা মাৰাথন ক্রমে খাৰদুংলা চেলেঞ্জ (৭২ কিলোমিটাৰ) আৰু লাডাখ মাৰাথন (৪২.১৯৫ কিলোমিটাৰ) সম্পূর্ণ কৰাৰ গৌৰৱ অর্জন কৰিছে৷ প্রায় ১৭ হাজাৰ ফুট উচ্চতাত অনুষ্ঠিত এই মাৰাথনত কেৱল অভিজ্ঞ আৰু শাৰীৰিকভাৱে সক্ষম দৌৰবিদসকলেহে অংশ ল’ব পাৰে৷ প্রণামীয়ে এই কঠিন দৌৰ সম্পূর্ণ কৰাৰ ৪৮ ঘণ্টাৰ পিছত লাডাখ মাৰাথনো সম্পূর্ণ কৰে৷

আনহাতে, গুৱাহাটীৰ অনুপমে ৪২.১৯৫ কিলোমিটাৰ দূৰত্বৰ পূর্ণাংগ লাডাখ মাৰাথন ৫ ঘণ্টা ১০ মিনিটত সম্পূর্ণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে দুবছৰ আগৰ পৰা অনুপমে দীর্ঘ দূৰত্বৰ দৌৰত অনুশীলন আৰম্ভ কৰে৷ তথ্য–প্রযুক্তি বিশেষজ্ঞ অনুপমে এটা সময়ত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত ভুগি আছিল৷

লকডাউনৰ সময়ত তেওঁ দৌৰিবলৈ আৰম্ভ কৰে আৰু বিগত দুটা বছৰত তেওঁ দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত কেইবাটাও আল্ট্রা মাৰাথনত অংশগ্রহণ কৰি সফলতা অর্জন কৰে৷ বিশ্বৰ আটাইতকৈ কঠিন আৰু দীর্ঘ দূৰত্বৰ মাৰাথন খাৰদুংলা চেলেঞ্জ আৰু লাডাখ মাৰাথন সম্পূর্ণ কৰি শিশুৰোগ বিশেষজ্ঞ প্রণামী চক্রৱর্তী আৰু অনুপম ডেকা নতুন প্রজন্মৰ বাবে অনুপ্রেৰণাৰ উৎস হৈ পৰিছে৷ কিয়নো ১১ৰ পৰা ১৭ হাজাৰ ফুট উচ্চতাত অনুষ্ঠিত এই মাৰাথনত অংশগ্রহণকাৰীসকল্ পর্যাপ্ত অক্সিজেনৰ অভাৱত ভোগে৷ ক’ভিড–১৯ৰ বাবে দুটা বছৰ স্থগিত ৰখাৰ পিছত এই মাৰাথন ক্রমে ৯ আৰু ১১ ছেপ্ঢেম্বৰত অনুষ্ঠিত হয়৷

You might also like