নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি শুৱালকুছিত বিজেপিৰ মৌন শান্তি সমদল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ জাগীৰোডৰ পিছত এইবাৰ শুৱালকুছিত আজি বিজেপিয়ে উলিয়াব মৌন শান্তি সমদল৷

অসমত শান্তি আৰু বিৰামহীন প্রগতিৰ বাবে বিজেপিয়ে উলিওৱা এই সমদলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা প্রমুখ্যে কেইবাজনো মন্ত্রী আৰু বিধায়কে অংশগ্রহণ কৰিব৷

শুৱালকুছি গান্ধী ময়দানৰ পৰা দিনৰ ১১ বজাত আৰম্ভ হ’ব লগা মৌন সমদল বংশৰ মিনি ষ্টেডিয়ামত সামৰণি পৰিব৷ মৌন সমদলত জালুকবাৰী সমষ্টিৰ প্রতিগৰাকী বিজেপি কর্মী আৰু স্থানীয় লোকৰ সহযোগ আৰু উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে৷

ইতিমধ্যে শুৱালকুছিৰ বালিচৰত মুখ্যমন্ত্রীৰ বাবে অস্থায়ী হেলিপেড আৰক্ষী প্রশাসনে সাজি উলিয়াইছে৷

You might also like