নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালতৰ ৰায়ত ঝংকাৰৰ পিতৃ হেমেন শইকীয়াৰ সন্তোষ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ২০১৩ চনৰ ২৫ জুনত দিন–দুপৰতে ডিফু চহৰত মাত্র দহ টকাৰ কাৰণে অতি অমানৱীয় নৃশংসভাৱে হত্যা কৰা তিতাবৰৰ উদীয়মান যুৱক ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডত আদালতে চাৰিজনক ৰেহাই দি ১২ জন লোকক দোষী সাব্যস্ত কৰাত আদালতৰ ৰায়ত সন্তোষ প্রকাশ কৰিছে ঝংকাৰৰ পিতৃ তিতাবৰৰ জ্যেষ্ঠ অধিবক্তা হেমেন চন্দ্র শইকীয়াই৷ আদালতৰ ৰায়ৰ পাছত সাংবাদিকৰ আগত মত পোষণ কৰি দুর্ভগীয়া পিতৃগৰাকীয়ে কয়– আদালতৰ ৰায়ত মই আনন্দিত৷ আদালতৰ পৰা ন্যায় পাম বুলি সুদীর্ঘ সাতটা বছৰৰ প্রতিটো দিন, প্রতিটো ৰাতি, প্রতিটো পল বহু ধৈর্যৰে অপেক্ষা কৰিছিলোঁ৷ বহুজনৰ সহায়–সহযোগত মোৰ বিশ্বাস আছিল দোষীয়ে উপযুক্ত শাস্তি পাব৷ যীশুখ্রীষ্টক ক্রুছ দিবলৈ এদল উন্মত্ত–হিংস্র লোকে যেনেদৰে নিছিল, মোৰ পুত্রক মোৰ সন্মুখতে এদল হিংস্র লোকে ডেৰ কিলোমিটাৰ পথ তেনেদৰে নিছিল৷ বহু চিনাকি মানুহ দেখি সহায় বিচাৰিছিলোঁ, কোনেও মোক সহায় কৰিবলৈ অহা নাছিল৷ ঝংকাৰৰ মৃত্যুৰ পাছত সেইসকল মোৰ ঘৰলৈ আহি কৈছে– আমি আছিলোঁ, কিন্তু সহায় কৰিব নোৱাৰিলোঁ৷ ঝংকাৰৰ হত্যাকাণ্ডত জড়িত কোনো লোক বাচি গৈছে নেকি, সাংবাদিকৰ প্রশ্ণৰ উত্তৰত পিতৃগৰাকীয়ে কয় যে ঘটনাত জড়িতসকলটো দোষীয়ে, এই ঘটনা চাই থকাসকলো সমানেই দোষী৷ উপযুক্ত শাস্তি দোষীয়ে পাব লাগে৷

আদালতে ঝংকাৰ হত্যাকাণ্ডৰ ৰায় ঘোষণা কৰি ১২জনক দোষী সাব্যস্ত কৰিছে যদিও অহা ২৮ ফেব্রুৱাৰীত আদালতে দোষীৰ শাস্তি ঘোষণা কৰিব৷ আদালতৰ ৰায়ৰ কাৰণে তিতাবৰত বসবাস কৰা পৰিয়ালৰ লোকে অধীৰ আগ্রহেৰে বাট চাই আছিল৷

You might also like