নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ উজনি অসম কেন্দ্ৰত ৫৫ সংখ্যক অভিযন্তা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ দ্যা ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰছ (ইণ্ডিয়া), উজনি অসম নামৰূপস্হিত স্হানীয় কেন্দ্ৰৰ পৃষ্ঠপোষকতাত আৰু ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত যোৱা ১৫ ছেপ্টেম্বৰত উদযাপন কৰে ৫৫ সংখ্যক অভিযন্তা দিৱস । ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ ৰংঘৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনে অনুষ্ঠানৰ শুভাৰম্ভ কৰে উপস্থিত বিশিষ্ট অতিথিসকলে । ইয়াৰ পাছতেই ডুয়েটৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ থীম চং পৰিৱেশন কৰাৰ লগতে আই ই আইৰ থীম চং ৱেব ভিডিঅ’ জৰিয়তে প্ৰদৰ্শন কৰা হয় । অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ উজনি অসমৰ স্হানীয় কেন্দ্ৰৰ এফ আই ইৰ সঞ্চালক শশাংক প্ৰতিম ডেকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ ভাইচ-চেঞ্চেলৰ জিতেন হাজৰিকাই মুখ্য অতিথি আসনৰ পৰা উদযাপিত বিষয়বস্তুৰ ওপৰত বক্তৃতা প্ৰদান কৰে ।

অনুষ্ঠানটোত “Smart Engineering for a Better World”.শীৰ্ষক বিষয়বস্তুৰ ওপৰত মনোজ্ঞ আলোচনা আগবঢ়াই ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সঞ্চালক ডঃ মুকুল চন্দ্ৰ বড়াই। একেদৰে মুখ্য অতিথিৰূপে উপস্থিত থকা অইল ইণ্ডিয়াৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতী, আমন্ত্ৰিত অতিথি হিচাপে উজনি অসমৰ স্হানীয় কেন্দ্ৰৰ এফ আই ইৰ প্ৰাক্তন সঞ্চালক দিবাকৰ ভট্ৰাচাৰ্য আৰু অইল ইণ্ডিয়াৰ মুখ্য মহা প্ৰৱন্ধক ভৈৰৱ ভূঞাই নিজৰ বক্তব্য আগবঢ়াই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোতে ভাৰত ৰত্ন মুকসগুন্দম বিশবেশবাৰ্যৰ ( Mokshagundam Vishveshwaraya ) জীৱনভিত্তিক তথ্য সম্বলিত এখনি ডকুমেন্টৰী প্ৰদৰ্শন কৰে উজনি অসমৰ স্হানীয় কেন্দ্ৰৰ সম্পাদক দেৱজিত শৰ্মাই । ইয়াৰ লগতে উদ্ভাৱনীমূলক ভিডিঅ’ প্ৰদৰ্শন কৰে ডুয়েটৰ শিক্ষাৰ্থীসকলে । শেষত দেৱজিত শৰ্মাৰ শলাগ জ্ঞাপনেৰে অনুষ্ঠান সামৰণি পৰে ।

You might also like