নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৱ যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পত পোষণ মাহ পালন

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  পূৱ যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ নকছাৰীত অৱস্থিত কাৰ্য্যালয় প্ৰাঙ্গনত আজি এক আড়ম্বৰপূৰ্ণ কাৰ্য্যসূচীৰে পোষণ মাহ ২০২২ পালন কৰা হয় । এই উপলক্ষ্যে এক সভাও অনুষ্ঠিত হয় । পূৱ যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয়ৰ প্ৰকল্প বিষয়া নাংবি শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি পোষণ বিষয়া কৰবী বৰবৰাই কয়- পুষ্টি সঠিক নহ’লে স্বাস্থ্য আৰু শিক্ষা সুচাৰুৰূপে চলাই যাব নোৱাৰি ।

আনহাতে, ৰক্তহীনতাত বহু শিশু ভূগি আছে বুলি উল্লেখ কৰি ৰক্তহীনতাত ভোগা শিশুসকলক সহায়ৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ তেওঁ লগতে আহ্বান জনায় । পোষণ মাহৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি পৰিস্মিতা শইকীয়াই কয়- ২০১৮ চনৰ পৰা পোষণ মাহ আৰম্ভ কৰা হৈছে । এই মিছনৰ যোগেদি পুষ্টিহীনতা দূৰ কৰাই হৈছে মূল লক্ষ্য । তাৰোপৰি ৰক্তহীনতা দূৰ কৰাৰ লগতে শিশু, কিশোৰী, মহিলা আৰু প্ৰসূতি মাতৃৰ এনিমিয়া নাইকীয়া কৰাৰ লগতে পোষণ পঞ্চায়ত, মহিলা পঞ্চায়ত, কিশোৰী পঞ্চায়ত গঠন কৰি আঁ‌চনি ৰূপায়ণ কৰা হৈছে এই মিছনৰ অন্যতম লক্ষ্য বুলিও তেওঁ লগতে উল্লেখ কৰে । সভাখনত নকছাৰীৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ বিৰু বৰকাকতীয়ে ৰক্তহীনতাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে সাৱলীল বক্তব্য প্ৰদান কৰে । মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও সভাখনত অংশগ্ৰহণ কৰি এনে কাৰ্য্যসূচীয়ে বিশেষকৈ মহিলাসকলক বিশেষভাৱে উপকৃত কৰিব বুলি মন্তব্য কৰে ।

পূৱ যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বিজেন বৰা, পূৱ যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা চমুৱা, চেলেং গাঁও পঞ্চায়তৰ সভাপতি সন্তোষ কুমাৰ ঝৰা, প্ৰধানমন্ত্ৰী মাতৃ যোজনাৰ যোৰহাট জিলাৰ সমন্বয়ক তন্ময় আচাৰ্য, জিলা মহিলা মিছন সমন্বয়ক সংযুক্তা ভূঞা আদিয়েও বক্তব্য প্ৰদান কৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই গাণনিক বিষয়া অনুপল শইকীয়াই । ইয়াৰ লগত সংগতি ৰাখি অংগনৱাদী কৰ্মীসকলে শাক – পাচলি, খাদ্য সম্ভাৰ, ৰেচিপি, ৰন্ধন কৰা – নকৰা, ভিটামিন, খনিজ লৱন, শৰ্কৰা আদিৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত কৰে ।

You might also like