নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাণ্ডো বেটেলিয়নত নিযুক্তি লাভ চেলুনত ক্ষৌৰকৰ্মত জড়িত নিতু দাস

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  যোগ্যতাৰ সমুখত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে বিশ্বনাথৰ এজন ক্ষৌৰ কৰ্মত জড়িত যুৱকে। আজি ঘোষণা কৰা  অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলত কামাণ্ডো  বেটেলিয়নত নিযুক্তি লাভ কৰিছে বিশ্বনাথ ঘাটৰ নতুন গাঁৱৰ এজন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকে। নাপিত পুত্ৰৰ এই সাফল্যত সুখী পিতৃ মাতৃৰ লগতে আনন্দিত হৈ পৰিছে নতুন গাঁৱৰ ৰাইজ। নিতু দাস নামৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে আত্মসংস্থাপনৰ বাবে খুলি লৈছে এখন চেলুন। এই  চেলুনত কাম কৰিয়েই  আজি অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে  নিতু দাসে। নিতুৰ পিতৃ দিলীপ দাসেও ঘৰে ঘৰে গৈ  মাছ বিক্ৰী কৰি আৰু মাতৃ শেৱালী দাসে আনৰ বাগানত পাত তুলি কষ্টৰে ডাঙৰ দীঘল কৰিছে দুই সন্তানক। 

 

উল্লেখ্য যে  নিতু দাসে নিতৌ পুৱতি নিশা ৩.৩০ বজাত উঠি আৰক্ষীৰ পৰীক্ষাৰ বাবে শাৰীৰিক অনুশীলনত ব্ৰ্তী  আছিল। আজি নিতু দাসৰ কষ্টৰ ফলৰূপে অসম আৰক্ষীত যোগদানৰ বাবে নিৰ্বাচিত  হোৱাত চৰকাৰক ধন্যবাদ জনায়।
You might also like