এপিএচচিত জিলিকিল দুলীয়াজানৰ কৃষ্ণকান্ত শইকীয়া
নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অষ্টম স্থান অধিকাৰ কৰি দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনিলে তীক্ষ্ণধী ছাত্ৰ কৃষ্ণকান্ত শইকীয়াই । দুলীয়াজানৰ ২ নং ৰঙাগড়া গাঁৱৰ মেধাৱী ছাত্ৰগৰাকীয়ে স্কুলীয়া শিক্ষা ১ নং ৰঙাগড়া প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় । উচ্চ শিক্ষাৰ বাবে কটন বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰি ৰসায়ন বিজ্ঞানত প্ৰথম বিভাগত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল । প্ৰথমবাৰতে এই পৰীক্ষাত সফলতা অৰ্জন কৰি খণ্ড উন্নয়ণ বিষয়াৰূপে যোগ্যতা অৰ্জন কৰিছে ছাত্ৰগৰাকীয়ে । দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয়ৰ সহায়ক পিতৃ বেণুধৰ শইকীয়া আৰু মাতৃ পদুম শইকীয়াৰ দ্বিতীয় সন্তান কৃষ্ণকান্ত শইকীয়াৰ এই সফলতাত স্হানীয় অঞ্চলবাসী উৎফুল্লিত হোৱাৰ লগতে বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনাইছে ।
কৃষ্ণা গগৈ