কংগ্ৰেছে একলা চলো নীতিৰে গৈ আছে– ৱাজেদ আলী
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ “বিজেপি সাম্প্ৰদায়িক দল আৰু এআইইউডিএফো ধৰ্মৰ ভিত্তিত গঢ়ি উঠা দল। বিজেপিয়ে অইন ধৰ্মক ঘৃণা কৰে। অৱশ্যে দুয়োটা দলকে একেবাৰেই একে বুলি ক’লে ভূল হ’ব। কাৰণ এআইইউডিএফ হিন্দু বিৰোধী নহয়। তেওঁলোকে এটা গোষ্ঠীক, সম্প্ৰদায়ক লৈ ৰাজনীতি কৰি আছে। কিন্তু সেয়া উচিত নহয়’’– এই ভাষ্য কংগ্ৰেছ নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলীৰ।
যোৱা নিশা ধুবুৰীৰ আৱৰ্ত ভৱনত এক সংবাদমেলত তেখেতে এআইইউডিএফ দলক নতুনকৈ চিন্তা–চৰ্চা কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও মন্তব্য কৰা পোৱা যায়। তেওঁ কয় যে, ‘‘ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে এটা গোষ্ঠী বা সম্প্ৰদায়ৰ মানুহক লৈ ৰাজনীতি কৰাটো উচিত হোৱা নাই। সেইকাৰণে মই এটা আহ্বান জনাইছিলোঁ যে তেওঁলোকে কিবা চিন্তা–চৰ্চা কৰক। যদি তেওঁলোক সঁচাকৈয়ে জনদৰদী, যদি তেওঁলোক যদি সঁচাকৈয়ে সংখ্যালঘুক উদ্ধাৰ কৰিব বিছাৰিছে তেতিয়া হ’লে তেওঁলোকে নতুনকৈ এটা চিন্তা–চৰ্চা কৰা উচিত।’’ আনহাতে সম্প্ৰতি এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে ধুবুৰীত সংবাদ মাধ্যমৰ সন্মুখত দক্ষিণ শালমাৰাত তেখেতক তেওঁলোকে জিকাই অনা বুলি কৰা মন্তব্য অৰ্থহীন বুলি উৰাই দিয়ে ৱাজেদ আলীয়ে।
আনহাতে এআইইউডিএফৰে মহাজোঁট নোহোৱাৰ বাবে সম্প্ৰতি হৈ যোৱা উপনিৰ্বাচনৰ ফলাফল শোচনীয় হ’ল নেকি বুলি শুধা এক প্ৰশ্নৰ উত্তৰত তেখেতৰ কৌশলী উত্তৰ, ‘উপ–নিৰ্বাচনত আমি দুটা আসন পালেও চৰকাৰ কৰিব নোৱাৰিলোহেঁতেন আৰু বিজেপি চৰকাৰখনৰো পতন নহ’লহেঁতেন। আমি একলা চলো নীতিৰে গৈ আছোঁ। এটা ৰিস্ক লোৱা হৈছে, দেখা যাওক।’’ আনহাতে কংগ্ৰেছৰ পৰা শাসকীয় বিজেপি দললৈ কংগ্ৰেছৰ আৰু বিধায়ক যোৱাৰ সম্ভাৱনা আছে নেকি বুলি শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সেয়া পোনছাটেই উৰাই নিদি ৱাজেদ আলীৰ কৌশলী মন্তব্য, ‘‘বিজেপি চেষ্টা কৰি আছে, কৰি থাকিব। কিন্তু আমাৰ যিসকল কংগ্ৰেছ প্ৰেমী, কংগ্ৰেছৰ নীতি–আদৰ্শৰ প্ৰতি বিশ্বাসী –তেওঁলোক নাযায়।’
input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী