নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত  বৃহৎ সফলতা,  ট্ৰাক সহ ৪ কোটি টকাৰ ড্ৰাগছ জব্দ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ৰাজ্যজুৰি চলি থকা  ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কামৰূপ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

মহানগৰীৰ বৰ্ণিহাটত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত জব্দ হয়  বৃহৎ পৰিমানৰ ড্ৰাগছ । এক গোপন খৱৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক সহ আৰক্ষীৰ এক বৃহৎ দলে চলোৱা অভিযানত ড্ৰাগছৰ লগতে আটক হয় তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ পৰা ড্ৰাগছ মাফিয়াৰ গেঙটোৱে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ কথা উল্লেখ কৰে কামৰূপ আৰক্ষীয়ে ।

অভিযান সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে এখন সংবাদ মেল সম্বোধন কৰি কয় যে ড্ৰাগছ ব্যৱসায়ী সকলে নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰাৰ সময়ত এইবাৰ ট্ৰাকৰ লুকিং গ্লাচৰ পিছফালে চেম্বাৰ বনাই ড্ৰাগছ খিনি কৌশলৰে অনা হৈছিল ।  আৰক্ষীৰ অভিযানত মণিপুৰৰ, ৰমেশ কুমাৰ  চেত্ৰী (RAMESH KUMAR )
মণিপুৰৰ  আইথেমচা মুছলাম( ITHEMCHA MUSLAM) আৰু মহানগৰীৰ ভেটাপাৰাৰ ইঅনোভা এম(INAOVAM) নামৰ তিনি জন ড্ৰাগছ মাফিয়াক আটক কৰা হয় । ইফালে, জব্দ কৰা MN 07 C 4292 নম্বৰৰ ট্ৰাক খনৰ ভিতৰত গোপন চেম্বাৰ বনাই ড্ৰাগছ সৰবৰাহ কৰাৰ এই কৌশলটো আৰক্ষীৰ চকুত ধুলি মাৰিবলৈ অৱলম্বন কৰা হৈছিল বুলি আৰক্ষী অধীক্ষক জনে সংবাদ মেলত সদৰী কৰে ।জব্দকৃত প্ৰায় আধা কেজি ওজনৰ ড্ৰাগছ খিনিৰ মূল্য প্ৰায় চাৰি কোটি হ’ৱ বুলি আৰক্ষীয়ে উল্লেখ কৰে। ৪০ টা পেকেটতৰ ভিতৰত আছিল ড্ৰাগছ খিনি ।

You might also like