নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত আত্মহত্যা ছাত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰঝাহী গাঁৱত অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে চীপলৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলব্যাপী চাঞ্চ্যলৰ সৃষ্টি কৰিছে। জানিব পৰামতে কাউৰঝাহী গাঁৱৰ ৰূপা খানৰ জীয়ৰী অষ্টম শ্ৰেণীত পঢ়া মৌচুমী খানমে মাকৰ পৰা মূৰৰ বেল্ট বিচাৰে। মাকৰ হাতত পয়চা নথকাত পাছত লৈ দিম বুলি কয়। মাকৰ কথাত পতিয়ন নগৈ যুৱতীগৰাকী চীপলৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মৃত মৌচুমী খানমক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

input: মফিদুল ইছলাম,কলগাছিয়া

You might also like