নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাউনীয়াভাষা গাঁৱত শিক্ষা উন্নয়ন-বাল্য বিবাহৰ ওপৰত আলোচনা সভা

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ আজি কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত ৬৭৭ নং উজান কাউনীয়াভাষা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এখন সজাগতা সভা অনুষ্ঠিত হয় । শিক্ষা উন্নয়ন আৰু বাল্য বিবাহৰ ওপৰত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ জিলা আচনি বিষয়া জাহাংগীৰ হুছেইন । তেওঁ সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টি কৰাত পিতৃ-মাতৃৰ লগতে সমাজৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি সম্প্ৰতি মবাইলৰ অপব্যৱহাৰে একাংশ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰে । বাল্য বিবাহৰ ক্ষেত্ৰতো মবাইলে যথেষ্ঠ অৰিহনা যোগোৱাৰ কথা কৈ মবাইল প্ৰদানত পিতৃ-মাতৃ বিশেষ সচেষ্ট হ’ব লাগে বুলি তেওঁ কয় । বিশেষকৈ মুছলিম সমাজত বাল্য বিবাহৰ প্ৰকোপ শিক্ষাৰ অভাৱতে অধিক বুলি আক্ষেপ কৰি শিক্ষাত অগ্ৰাধিকাৰ দিবলৈ তেওঁ প্ৰতিটো জাতীয় সংগঠনক আহ্বান জনায় । ৰাষ্ট্ৰীয় পৰ্য্যায়ত কৃতি শিক্ষক হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষক তথা সমাজকৰ্মী কৃষ্ণ কান্ত দাসৰ লগতে গাওঁৰ গাওঁবুঢ়া অমৰ সিং ৰায় আৰু গাওঁবাসী ৰাইজ তথা সন্মানীয় ব্যক্তি সকল উপস্থিত থাকি সভাখন সাফল্য মণ্ডিত কৰি তোলে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নায়েব আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰাৰ লগতে সভাৰ অন্ততঃ শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিকূল ইছলামে ।

input: ভৃগু মুনি ৰায়, বাসুগাঁও

You might also like