নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ নৱেম্বৰত দৃশ্যমান হ’ব শতিকাৰ দীর্ঘতম চন্দ্রগ্রহণ

অসম, অৰুণাচলকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত প্রত্যক্ষ হ’ব এই মহাজাগতিক ঘটনা

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ শতিকাৰ দীর্ঘতম চন্দ্রগ্রহণ অহা ১৯ নৱেম্বৰত প্রত্যক্ষ কৰিব বিশ্বৰ একাংশ দেশে৷ ২০০১ৰ পৰা ২১০০ চনৰ মাজত অর্থাৎ এশ বছৰৰ এই দীর্ঘতম চন্দ্রগ্রহণ দেশৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসম আৰু অৰুণাচলবাসীয়েও প্রত্যক্ষ কৰিব৷ জ্যোতির্বিদসকলে এই দীর্ঘতম চন্দ্রগ্রহণ ১৯ নৱেম্বৰৰ কার্তিক পূর্ণিমাত হ’ব বুলি প্রকাশ কৰিছে৷ নাছাই প্রকাশ কৰা মতে, শতিকাৰ দীর্ঘতম এই চন্দ্রগ্রহণ ৩ ঘণ্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি চলিব৷ অসম, অৰুণাচল প্রদেশৰ উপৰি দক্ষিণ আমেৰিকাৰ নাগৰিকসকলে এই চন্দ্রগ্রহণ প্রত্যক্ষ কৰিব৷

আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে মেক্সিকোতো এই চন্দ্রগ্রহণ পূর্ণ ৰূপত প্রত্যক্ষ কৰাৰ বিপৰীতে অষ্ট্রেলিয়া, পূব এছিয়া, ইউৰোপৰ উত্তৰ প্রান্ত আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলতো আংশিকভাৱে প্রত্যক্ষ হ’ব৷ উল্লেখ্য যে সূর্য আৰু চন্দ্রৰ মাজেদি পৃথিৱীয়ে গতি কৰোঁতেই চন্দ্রপৃষ্ঠত ছাঁ পৰে৷ এই ছাঁকেই চন্দ্রগ্রহণ হিচাপে ধৰা হয়৷ নাছাই প্রকাশ কৰা মতে, ১৯ নৱেম্বৰৰ বিয়লি ১.৩০ বজাৰ পৰা এই চন্দ্রগ্রহণ প্রক্রিয়া আৰম্ভ হ’ব৷

সূর্যৰ ৰশ্মিৰ পৰা পৃথিৱীয়ে চন্দ্রৰ ৯৭ শতাংশ ছাঁ পেলাই ৰাখিব৷ এই সময়ছোৱাত চন্দ্রটো ৰঙচুৱা হৈ উঠিব৷ এশ বছৰৰ ভিতৰত ১৯ নৱেম্বৰৰ চন্দ্রগ্রহণ এক ব্যতিক্রম হিচাপে চর্চিত হ’ব৷ লক্ষণীয় যে ২১ শতিকাত মুঠ ২২৮টা চন্দ্রগ্রহণ বিশ্ববাসীয়ে প্রত্যক্ষ কৰিব৷ এমাহত দুটাকৈ চন্দ্রগ্রহণ হয়৷ চন্দ্র, সূর্য আৰু পৃথিৱী একেশাৰীত অৱতীর্ণ হোৱাৰ সময়ত পৃথিৱীৰ পৰা চন্দ্রগ্রহণ প্রত্যক্ষ কৰা হয়৷ সম্পূর্ণ চন্দ্রগ্রহণৰ সময়ত পৃথিৱীৰ পৰা চন্দ্রটোৰ এশ শতাংশই গ্রাস কৰা যেন দেখা যায়৷

You might also like