কাকী বনবিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠফলা মিলঃ জব্দ লক্ষাধিক টকা মূল্যৰ মূল্যবান কাঠ
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ হোজাই জিলাৰ কাকী বনবিভাগ আৰু কাকী আৰক্ষীয়ে আজি এক যৌথ অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰে।এক গোপন সূত্ৰৰ ভিত্তিত কাকী বনবিভাগৰ অন্তৰ্গত টিলাবজাৰ উত্তৰখুঁটিত বনবিভাগ আৰু আৰক্ষীয়ে চলোৱা অভিযান কালত অবৈধ মিলটোৰ লগতে লক্ষাধিক টকা মূল্যৰ মূল্যবাণ চেগুন,গমাৰী কাঠ জব্দ কৰিবলৈ সক্ষম হয়।এই অভিযানকালত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও অবৈধ মিলটোৰ গৰাকীৰ সন্ধানত কাকী বনবিভাগে তদন্ত অব্যাহত ৰাখিচে। উল্লেখ্য যে,লামডিং সংৰক্ষিত বনাঞ্চলৰ লগতে কাষৰীয়া নখুঁটি আৰু সীমামূৰীয়া কাৰ্ৱি আংলং জিলাৰ বনাঞ্চলৰ পৰা দীৰ্ঘদিনৰ পৰা এচাম অসাধু চক্ৰই গছ কাটি এইদৰে স্থাপন কৰা অবৈধ কাঠফলা মিলত ফালি নিবিঘ্নে ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ সমান্তৰালকৈ বন ধ্বংসত অৰিহণা যোগাই আহিছে।