নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাষিক পৰীক্ষাৰ ফলাফলক বিসংগতিপূৰ্ণ বুলি অভিযোগঃ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ যোৱা ১৬ জানুৱাৰীৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰা তৃতীয় ষান্মাষিক পৰীক্ষাৰ ফলাফলক ভূল আৰু বিসংগতিপূৰ্ণ বুলি অভিযোগ তুলি আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত মহাবিদ্যালয়খনৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ শৈক্ষিক ভৱিষ্যৎ ধ্বংস নকৰি অতি শীঘ্ৰে সঠিক আৰু বিসংগতিহীন ফলাফল প্ৰকাশ কৰাৰ দাৱীত হাতে হাতে প্লেকাৰ্ড লৈ ক্ষুব্ধ ছাত্ৰ–ছাত্ৰীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

You might also like