নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাম্যাঞ্চলত শৈক্ষিক জাগৰণ সৃষ্টিত মাজুলীৰ জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ ভূমিকা অনস্বীকাৰ্যঃ মাজুলীৰ জ্ঞানজ্যোতি গ্ৰন্থগাৰলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: “গ্ৰন্থই জীৱনক আলোকৰ সন্ধান দিয়ে, মানৱ জাতিক সঠিক পথেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গ্ৰন্থই পথ নিৰ্দেশনা প্ৰদান কৰে। গ্ৰন্থ অবিহনে জীৱন যাত্ৰাত আগুৱাই যোৱা অসম্ভৱ। সেয়েহে গ্ৰন্থাগাৰ সমূহৰ ভূমিকা নিতান্তই গুৰুত্বপূৰ্ণ। গ্ৰাম্যাঞ্চলত থকা পুথিভঁৰাল সমূহে জ্ঞানঅন্বেষণৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰি আহিছে। এইক্ষেত্ৰত মাজুলীৰ গেৰেকী গাঁৱত প্ৰতিষ্ঠিত জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ ভূমিকাও অতুলনীয়।” বৰ্তমান সময়ত মাজুলীৰ শৈক্ষিক ক্ষেত্ৰৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হোৱা জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ গ্ৰন্থ আন্দোলনক কৃতজ্ঞতা জনাই প্ৰেৰণ কৰা এক শুভেচ্ছা বাৰ্তাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এইদৰে মত প্ৰকাশ কৰে। ১৯৫৩ চনতে প্ৰতিষ্ঠা লাভ কৰি ১৯৬২ চনৰ বানপানীত নিঃশেষ হৈ যোৱাৰ পিছত ২০১৭ চনৰ ১৫ জানুৱাৰীত গেৰেকী গাঁৱৰ যুৱক-যুৱতী সকলে গ্ৰন্থাগাৰটোক পুনৰ প্ৰতিষ্ঠা কৰা কাৰ্যকো মুখ্যমন্ত্ৰী জনে ভূয়সী প্ৰশংসা কৰে। নিজৰ শুভেচ্ছা বাৰ্তাত জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ লগত জড়িত কৰ্ম-কৰ্তা সকলক গ্ৰন্থাগাৰটোৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, মানসিক, শৈক্ষিক ইত্যাদি সকলো ধৰণৰ বিকাশ হব পৰা কৰ্মসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা সম্পৰ্কত জ্ঞানজ্যোতি গ্ৰন্থাগাৰ পৰিচালনা সমিতিৰ সম্পাদক ড° ভাস্কৰজ্যোতি বৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় আমালৈ প্ৰেৰণ কৰা এক বিবৃত্তিত কয়, অসম চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী মহোদয়ৰ শুভেচ্ছা বার্তাই জ্ঞানজ্যোতিৰ কৰ্ম-কৰ্তা সকলক অধিক উৎসাহিত কৰাৰ লগতে জ্ঞানজ্যোতিক অসমৰ সমাজ জীৱনত এক সুকীয়া পৰিচয় দিলে। সমান্তৰালকৈ ভৱিষ্যত দিনৰ বাবে অধিক দায়বদ্ধ কৰি তুলিলে। কোনো চৰকাৰী সাহাৰ্য অবিহনে ৰাইজৰ দান-বৰঙনিৰে আগবাঢ়ি যোৱা অনুষ্ঠানটোক চৰকাৰৰ মুৰব্বী জনে শুভেচ্ছা জনায় জ্ঞানজ্যোতিৰ চিন্তা আৰু কৰ্মক একপ্ৰকাৰে স্বীকৃতি দিলে বুলিও সম্পাদক জনে নিজৰ বিবৃত্তিত অভিহিত কৰিছে। লগতে আগন্তুক দিনত গ্ৰন্থাগাৰটোৰ বাবে প্ৰয়োজনীয় চৰকাৰী সাহাৰ্যৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে।

You might also like