নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালচক্র পূর্ণাংগ পঞ্জিকাৰ ভৱিষ্যদ্বাণী; ২০২১ চনতো অসমত হ’ব বিজেপিৰে চৰকাৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ২০২১ চনতো বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব৷ এই ভৱিষ্যদ্বাণী অসম চৰকাৰৰ ৰাজজ্যোতিষী পুলিন চন্দ্র দেৱশর্মাৰ৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত তেওঁৰ দ্বাৰা গণনাকৃত কালচক্র পূর্ণাংগ পঞ্জিকা উন্মোচনী অনুষ্ঠানত আগন্তুক অসম বিধানসভা নির্বাচনত কোন দলে চৰকাৰ গঠন কৰিব বুলি সাংবাদিকে সোধাত ৰাজজ্যোতিষী শর্মাই কয়– অসমত ৰাজনৈতিকভাৱে বিজেপিৰ যিমান উত্থান হ’ব লাগিছিল, সিমান হোৱা নাই৷ তৎসত্ত্বেও আগন্তুক অসম বিধানসভা নির্বাচনত বিজেপিয়ে গৰিষ্ঠসংখ্যক আসন পাব৷ বিপিএফ, অগপ বা আন দলৰ সহযোগত বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ হোৱাটো ৮০ শতাংশ নিশ্চিত৷

বর্তমান সময়ৰ ৰাজনৈতিক পৰিস্থিতি বিশ্লেষণ কৰি দেখা গৈছে যে চৰকাৰে আইন–শৃংখলা সঠিকভাৱে পৰিচালনা কৰাৰ লগতে ৰাজ্যৰ উন্নতিত মনোনিৱেশ কৰি ৰাজ্যৰ জনগণক সকাহ দিছে৷

আনহাতে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাম–কাজক ভূয়সী প্রশংসা কৰে পুলিন চন্দ্র দেৱশর্মাই৷ তেওঁ কয়– বিত্ত বিভাগত পূর্বৰে পৰা কিছু দুর্বলতা আছে৷ যথেষ্ট সীমাবদ্ধতাৰ মাজতো মন্ত্রী ড০ শর্মাই বিভাগটোক সুন্দৰভাৱে পৰিচালনা কৰাত সফল হৈছে৷

আনহাতে চলিত বর্ষৰ ভাদ, আঘোণ মাহৰ ভিতৰত চৰকাৰৰ ভিতৰচ’ৰাত শাসকবর্গৰ মাজত বিসম্বাদ সৃষ্টি হ’ব বুলি ভৱিষ্যদ্বাণী কৰে ৰাজজ্যোতিষীগৰাকীয়ে৷ তেওঁ কয়– সপ্তমত থকা বৃহস্পতি আৰু শনিয়ে ৰাহুলৈ দৃষ্টি নিক্ষেপ কৰিছে৷ আনহাতে অষ্টমত থকা শুক্রকো শনিয়ে দৃষ্টি নিক্ষেপ কৰিছে৷ বিশেষকৈ শনিৰ অশুভ প্রভাৱে ভাদ মাহৰ পৰা কাতি মাহলৈ শাসকবর্গৰ মাজত খেলিমেলি সৃষ্টি কৰাৰ আশংকা দেখা যায়৷ মন্ত্রিত্ব, পদবীকে আদি কৰি আইন–শৃংখলা আঁচনি ৰূপায়ণ আদি কাৰণত মন্ত্রীসভাৰ মাজত অন্তর্দ্বন্দ্ব আৰম্ভ হ’ব৷ বিসম্বাদে অশান্তিৰ সৃষ্টি কৰিব৷ বিৰোধী দল–সংগঠন আৰু প্রতিবাদীৰ দ্বাৰাও শাসক গোষ্ঠীৰ মাজত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ’ব৷ অসমৰ কাৰক ৰাশিৰ অধিপতি চন্দ্র গ্রহ৷ বছৰৰ আৰম্ভণি চক্রৰ ষষ্ঠত কর্কট ৰাশিৰ অধিপতি চন্দ্র কেতুযুক্ত, সপ্তমত মংগল, বৃহস্পতি, শনি, নৱমত বুধ, দশমত ৰবি, একাদশত শুক্র আৰু দ্বাদশত ৰাহুৱে অৱস্থান কৰি অসমৰ শুভাশুভ ফল নির্ণয় কৰিছে৷ অৱশ্যে ৰাশিৰ অধিপতি চন্দ্র বছৰৰ আৰম্ভণিতে ষষ্ঠত কেতুযুক্ত হৈ অসমত অতিবৃষ্টি, ধুমুহা, প্রাকৃতিক দুর্যোগ, বানপানী আদিৰ দ্বাৰা বিস্তৰ ক্ষতি হোৱাৰ যোগ৷ তদুপৰি শাসকবর্গৰ দ্বাৰা ভুল সিদ্ধান্তৰ ফলত সাধাৰণ জনসাধাৰণৰ আর্থিক অৱস্থা কিছু দুর্বল হোৱা দেখা যায়৷ মন্ত্রীসভাৰ ৰদ–বদল আদিৰ দ্বাৰা শাসকবর্গৰ মাজত খেলিমেলি হ’ব, যাৰ ফলত ৰজা বুধ ভাগ্যবশতঃ নীচস্থ হৈ অৱস্থান হোৱাত কেন্দ্রীয় চৰকাৰৰ সুফল লাভত বাধাগ্রস্ত হ’ব৷ অসমৰ আভ্যন্তৰীণ বিসম্বাদৰ বাবে অসমৰ ৰাজনৈতিক অৱস্থা কিছু দোমোজাত পৰিব৷ অৱশ্যে ৰাহু–শনিৰ প্রভাৱৰ বাবে এই দোমোজাৰ সৃষ্টি হ’লেও ৰাজ্যৰ উন্নয়নত যে বাধা পৰিব তেনে নহয়৷ আগন্তুক দিনত অসমে অর্থনৈতিক দিশত যথেষ্ট উন্নতি লাভ কৰিব৷ ৰাজজ্যোতিষী শর্মাই লগতে কয় যে ১৫ এপ্রিলৰ পৰা অসম চৰকাৰে বিশেষ উদ্যোগ গ্রহণ কৰাৰ বাবে সামাজিক, অর্থনৈতিকক, ভূমি, খনিজ, উদ্যোগ আদিত লাভৰ ক্ষেত্রত বিশেষভাৱে ফলপ্রসূ হোৱাৰ যোগ দেখা যায়৷ আনহাতে অসমত নতুন দল গঠন হ’লেও সংখ্যাগৰিষ্ঠতা নাপায়৷ ইফালে, অসমত ‘কা’ প্রযোজ্য হোৱাটো খাটাং বুলি মন্তব্য কৰি জ্যোতিষীগৰাকীয়ে কয় যে আগন্তুক দিনত কেৱল অসমতেই নহয়, সমগ্র দেশতেই প্রযোজ্য হ’ব৷ কিন্তু অসম তথা উত্তৰ–পূর্বাঞ্চলত সুপৰিকল্পিতভাৱে বিশেষ সুবিধা দিয়াৰ পিছতহে আইনখন প্রযোজ্য হ’ব৷ আনহাতে আগন্তুক দিনত ৰাহু আৰু শনিৰ প্রভাৱৰ বাবেই দেশত মৌলবাদীৰ উত্থান দেখা যাব৷ সংবাদ মেলত চন্দ্র প্রকাশে প্রকাশ কৰা পঞ্জিকাখন উন্মোচন কৰি জ্যোতিবিশ্লেষক প্রণৱজ্যোতি ডেকাই কয়– মানুহে আশ্বাস আৰু ভৰসা পাবলৈ জ্যোতিষীৰ ওচৰ চাপে৷ অৱশ্যে ১৮ শতিকাৰ পাছৰ পৰা ভাৰতীয় জ্যোতিষীৰ পৰা আমি নতুন একো অৱদান পোৱা নাই৷ এতিয়া এনে অৱস্থা হৈছে যে আমাৰ একো কাম নাথাকিলে আমি পঞ্জিকা চাওঁ৷ আজিকালি বেছিভাগ জ্যোতিষীৰ গণনা নিমিলে৷ তথাপি আমি জ্যোতিষীৰ কথা বিশ্বাস কৰোঁ৷ আস্থাত লওঁ৷

সংবাদ মেলত বাস্তু বিশেষজ্ঞ অনিল বৰুৱা, ৰাশিফল গণনাকাৰ হেমন্ত শর্মা, জ্যোতিষী পুলিন শর্মা, প্রকাশক ৰাজেন্দ্র মোহন শর্মা আৰু ডাঃ ৰবীন্দ্র মোহন শর্মা উপস্থিত থাকে৷ সংবাদ মেলত এখন পঞ্জিকাৰ লগতে কেলেণ্ডাৰো উন্মোচন কৰা হয়৷

You might also like