নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ আন্দোলনৰ প্রভাৱ, নিমাওমাও নগাঁৱৰ পর্যটন–বনভোজস্থলী

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ২০১৯ বর্ষ শেষ হ’বলৈ মাজত মাত্র দুটা দিন বাকী ৷ প্রতিবছৰে নৱবর্ষৰ প্রাক্মুহূর্তত নগাঁও জিলাৰ বনভোজথলী আৰু পর্যটন থলীসমূহলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৰাইজৰ সোঁত বয়৷ কিন্তু এইবাৰ ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা বনভোজ থলীসমূহত দেখিবলৈ পোৱা নাই উচ্ছাস–উদ্দীপনা৷

আনকি নৱবর্ষক লৈও ৰাইজৰ মাজত নাই কোনোধৰণৰ উছাহ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত থকা ৰণসদৃশ পৰিস্থিতিৰ বাবে বনভোজ থলীসমূহলৈ বনভোজ দলৰ আগমন ঘটা নাই৷

আনকি নৱবর্ষক আদৰিবলৈকো ৰাইজৰ মাজত কোনোধৰণৰ আগ্রহ পৰিলক্ষিত হোৱা নাই৷ সচৰাচৰভাৱে জিলাখনৰ বিভিন্ন বনভোজস্থলীসমূহল্ ডিচেম্বৰ মাহৰ পৰাই বহু লোকৰ আগমন ঘটে৷ কিন্তু এইবাৰ ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে নগাঁও জিলাৰ বনভোজস্থলীসমূহত্ সৃষ্টি হৈছে নিমাওমাও পৰিৱেশ৷ আনকি জিলাখনৰ পর্যটন ক্ষেত্রসমূহতো বিৰূপ প্রভাৱ পৰিছে৷

জিলাখনৰ আমচৈ, বসুন্ধৰী পাহাৰ, সোণাই নদীৰ পাৰ, শ্রীশ্রীবটদ্রৱা থান, কাটাখাল, বুঢ়াচাপৰি, কলীয়াভোমোৰা দলঙৰ তল, ত্রিশূলধাৰী, হাতীমূৰা, চাপানালা, বৰজুৰি, জীয়াজুৰি, টেঙাপানী, মাধৱপাৰা, আকাশীগংগা, বুঢ়ীগংগাকে ধৰি বনভোজস্থলীসমূহল্ বনভোজ দলৰ আগমন নঘটাত জিলাখনত বনভোজৰ উৎসৱৰ পৰিৱেশ সম্পূর্ণ ম্লান হৈ পৰিছে৷

এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ বুলি গুৱাহাটীৰ পৰা ফেৰীযোগে শিলঘাটলৈ অহা পর্যটকসকলৰ আগমন অতি সেৰেঙা হৈ পৰাৰ লগতে পর্যটনকেন্দ্রিক অর্থনীতি বিপন্ন হৈছে৷

জিলাখনত ‘কা’বিৰোধী আন্দোলনে সর্বাত্মক ৰূপ ধাৰণ কৰিছে৷ স্বতঃস্ফূর্তভাৱে ৰাইজ আন্দোলনলৈ ওলাই আহিছে৷ যাৰ বাবে জিলাখনৰ পৰিয়ালসমূহে নিজৰ আত্মীয় আৰু বন্ধুবর্গক লৈ বনভোজ খাবলৈ যোৱাৰ ইচ্ছা প্রকাশ কৰা নাই৷

You might also like