‘কা’ বিৰোধী আন্দোলনৰ সময়তেই নগাঁৱত গেৰুৱা বসন পিন্ধিলে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ‘কা’ বিৰোধী আন্দোলনৰ সময়তেই নগাঁও সদৰ সমষ্টিত বিজেপিত যোগদান শতাধিক কৰ্মীৰ । বৃহস্পতিবাৰে নগাঁও জিলা বিজেপি কাৰ্যালয়ত গেৰুৱা বসন পৰিধান কৰে প্ৰায় শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ।
এই সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয় যে- আজি নগাঁও বিজেপিৰ বাবে এটা ভাল দিন । কংগ্ৰেছ দলৰ দুটা পঞ্চায়তৰ প্ৰায় শতাধিক লোকে আজি বিজেপিত যোগদান কৰে । এইমুহূৰ্তত তেওঁলোকে আমাক কৈছে যে তেওঁলোকে আগতেই বিজেপিত যোগদান কৰিব লাগিছিল । দলৰ যি লক্ষ্য, দলে যি উন্নয়নমূলক কাম কৰিছে সেইক্ষেত্ৰত তেওঁলোকে চামিল হৈ আগন্তুক দিনত একেলগে কাম কৰি যাব খুজিছে । ইয়াৰোপৰি আগন্তুক দিনত আৰু অধিক লোকে বিজেপিত যোগদান কৰিব বুলি বিধায়ক ৰূপক শৰ্মাই মন্তব্য কৰে ।
উল্লেখ্য যে যোগদান সভাত উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, মুকুট দেৱনাথকে আদি কৰি বিজেপিৰ বিষয়ববীয়াসকল ৷