নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাই–মেন্দিপথাৰ পথৰ দুৰৱস্থা

ৰাইজৰ যাতনাৰ খবৰ নাই চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ মাত্র এঘাৰ কিলোমিটাৰ পথৰ বাবে বছৰৰ পিছত বছৰ ধৰি যাতনা ভোগ কৰিব লগা হৈছে কৃষ্ণাই আৰু মেঘালয়ৰ মেন্দিপথাৰবাসীয়ে ৷ চৰকাৰ আহে চৰকাৰ যায়, কিন্তু ৰাইজৰ যাতায়াত সমস্যাৰ কোনো সমাধান নহয় ৷ বছৰৰ পিছত বছৰ অতিবাহিত হ’ল, ইখনৰ পিছত সিখনকৈ চৰকাৰ আহিল আৰু গ’ল, কিন্তু কোনো পৰিৱর্তন নহ’ল কৃষ্ণাই–মেন্দিপথাৰ সংযোগী এন ই চিৰ অধীনৰ পথছোৱাৰ ৷

বাৰিষা নহয়, সম্প্রতি খৰালিতো যাতায়াত প্রায় বন্ধ হৈ পৰিছে পথছোৱাৰে ৷ বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত সম্প্রতি পথছোৱা জহি–খহি গৈ পথৰ কোনো চিন–মোকাম নোহোৱা হৈ পৰিছে ৷ বিশেষকৈ মেঘালয়ৰ মেন্দিপথাৰৰ পৰা গোৱালপাৰালৈ অহা প্রতিজন পথচাৰীয়ে যাতায়াতৰ বাবে কান্দিবলগীয়া হৈছে প্রতিদিনে ৷ পথটো ইমূৰৰ পৰা সিমূৰলৈ ভাগি–ছিগি যোৱাত চলাচল নকৰে কোনো চাৰিচকীয়া যান–বাহন৷ যাৰ বাবে খৰিধৰা, ভেল্টাৰঘাট, পুঠিমাৰী, জিৰা, নলবাৰী আদিকে ধৰি সীমান্তৱর্তী অঞ্চলসমূহলৈ নাযায় কোনো এম্বুলেঞ্চ ৷ ঠেলা বা ঘোঁৰাৰ গাডীয়ে একমাত্র ভৰসা সকলোৰে ৷

ইতিমধ্যে জৰুৰীকালীন অৱস্থাত এম্বুলেঞ্চ নাপাই কেইবাজনো সংকটজনক ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে ৷ ইফালে, স্থানীয় দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই পথছোৱা পুনৰ নির্মাণৰ বাবে ব্যৱস্থা গ্রহণৰ বহু আশ্বাস দিছিল যদিও সেয়া আজিলৈ কার্যক্ষম কৰা পৰিলক্ষিত নহ’ল ৷ পৰিৱর্তনৰ শ্লোগান দি চৰকাৰী গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত পথছোৱাৰ ৰূপ সলনি হ’বনে? সেয়া এই মুহূর্তত এক লাখটকীয়া প্রশ্ন ৷ এইক্ষেত্রত স্থানীয় বিধায়কগৰাকীক শীঘ্রে ব্যৱস্থা গ্রহণৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

You might also like