কৰিমগঞ্জত ২ কোটি টকাৰ হেৰোইন উদ্ধাৰ, গ্ৰেপ্তাৰ ৩
নিয়মীয়া বাৰ্তা, ৭ মে’: কৰিমগঞ্জ জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। কালি নিশা গোপন খবৰৰ ওপৰত ভিত্তি কৰি কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত এটা দলে পাথাৰকান্দি বিধানসভা সমষ্টিৰ দক্ষিণ কেওটি গাঁৱত অভিযান চলাই ২৬০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰিছে।
আৰক্ষীয়ে ১৯ টা চাবোনৰ বাকচৰ পৰা হেৰোইন উদ্ধাৰ কৰে । জব্দ কৰা হেৰোইনৰ মূল্য প্ৰায় 2 কোটি টকা। তদুপৰি ৩ গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী হ’ল আব্দুল ছালিক ,আব্দুল ফাতেহ আৰু ছাহাজাহান উদ্দিন । আৰক্ষীয়ে জনোৱা মতে,আব্দুল ফাতেহৰ বাসগৃহৰ গোশালাত লুকাই ৰখা হৈছিল ড্ৰাগছখিনি। আব্দুল ফাতেহ প্ৰায় সময়তে মিজোৰাম যাতায়াত কৰে আৰু কেওটি অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰিছিল। এই অভিযানৰ পৰৱৰ্তী অনুসন্ধান চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।