নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত কমলপুৰ ৰাজহ চক্রৰ কর্মচাৰী, আতংক

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্র কার্যালয়ৰ এজন কর্মচাৰী ক’ৰোনাত আক্রান্ত হোৱাত বৃহত্তৰ অঞ্চলটোত তীব্র আতংকৰ সৃষ্টি হৈছে৷ কমলপুৰ ৰাজহ চক্র বিষয়া ড০ অংকিতা শর্মাই জানিবলৈ দিয়া অনুসৰি, ৰাজহ চক্র কার্যালয়টোৰ ব্রীজেছ সিং ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তেওঁ চাংসাৰিৰ হেভেলছ কোৱাৰেণ্টাইন কেন্দ্রত কর্তব্যত নিয়োজিত হৈ আছিল৷ কোৱাৰেণ্টাইন কেন্দ্রত কর্তব্যত নিয়োজিত হৈ থকাৰ সময়তে ক’ৰোনা আক্রান্তৰ সংস্পর্শলৈ আহিছিল কর্মচাৰীজন৷

যাৰ বাবে কামৰূপ জিলা প্রশাসনৰ তৰফৰ পৰা চাৰি দিন পূর্বে ছোৱাব সংগ্রহ কৰা হৈছিল মহানগৰীৰ পাণবজাৰৰ বাসিন্দা কর্মচাৰীগৰাকীৰ৷ আজি কর্মচাৰীজনৰ ফলাফল পজিটিভ অহাত ৰাজহ চক্র কার্যালয়ৰ কর্মচাৰীসকলৰ লগতে বৃহত্তৰ কমলপুৰ অঞ্চলৰ সাধাৰণ জনতাৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ আজি কর্মচাৰীজনৰ ফলাফল পজিটিভ অহাৰ পিছতে চক্র বিষয়াগৰাকীয়ে কর্মচাৰীগৰাকীৰ সংস্পর্শলৈ অহা সকলো বিষয়া–কর্মচাৰীৰে ছোৱাব সংগ্রহৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে তেওঁলোকক হোম কোৱাৰেণ্টাইন হোৱাৰ নির্দেশ দিয়ে৷

You might also like