নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰৰ পিজিআৰ–ভিজিআৰ ভূমিত কৃষি সঞ্চালক–কৃষি বিজ্ঞানীৰ দল

নিয়মীয়া বাৰ্তা, ১২ জুন: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ছিপাঝাৰৰ চৰ এলেকাৰ সাতসত্তৰ হাজাৰ বিঘা ভূমিত কৃষিভিত্তিক আঁচনিৰ সম্ভাৱনীয়তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ শুকুৰবাৰে ধলপুৰত আহি উপস্থিত হয় কৃষি বিজ্ঞানীৰ এটা দল৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দৰঙৰ ধলপুৰ শিৱমন্দিৰ দর্শন কৰি বৃহত্তৰ চৰ এলেকাটোত থকা সাতসত্তৰ হাজাৰ বিঘা চৰকাৰী পিজিআৰ–ভিজিআৰ ভূমিত চৰকাৰীভাৱে কৃষিভিত্তিক আঁচনি ৰূপায়ণ কৰাৰ প্রতিশ্রুতি দিছিল৷ আনকি মুখ্যমন্ত্রীৰ ৭ জুনৰ এই ভ্রমণৰ পিছদিনাই অনুষ্ঠিত হোৱা কেবিনেট বৈঠকতো এই সিদ্ধান্ত চৰকাৰীভাৱে গ্রহণ কৰিছিল৷ অসম চৰকাৰৰ ঘোষণা অনুসৰিয়েই এসপ্তাহৰ ভিতৰত এইক্ষেত্রত তৎপৰতা আৰম্ভ হয়৷

মুখ্যমন্ত্রীৰ ঘোষণাৰ পাঁচ দিনৰ ভিতৰতে ধলপুৰত উপস্থিত হয় জ্যেষ্ঠ কৃষি বিজ্ঞানীৰ দল৷ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত কৃষি বিভাগৰ কুৰিজনীয়া কৃষি বিজ্ঞানীৰ দলটোৱে যন্ত্রচালিত নাৱেৰে সমগ্র চৰ অঞ্চলটো পৰিদর্শন কৰে৷ বিশেষকৈ কৃষি, পশুপালন, উদ্যান শস্য তথা মৎপালনকে ধৰি কি কি কৃষিভিত্তিক আঁচনি উক্ত অঞ্চলত গ্রহণ কৰিব পাৰি সেয়া বিতং অধ্যয়ন কৰে কৃষি বিজ্ঞানীৰ দলটোৱে৷

উল্লেখ্য যে চৰ অঞ্চলৰ সাত সত্তৰ হাজাৰ বিঘা ভূমিত চৰকাৰীভাৱে কৃষি আঁচনি ৰূপায়ণ কৰা হ’ব বুলি কেবিনেটত সিদ্ধান্ত গ্রহণৰ পাছতে মুখ্যমন্ত্রীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাক এই সন্দর্ভত এক প্রতিবেদন প্রস্তুতৰ বাবে দায়িত্ব দিছিল৷ আৰু সেই অনুসৰিয়ে দৰং কৃষি বিজ্ঞান কেন্দ্রৰ মুখ্য কৃষি বিজ্ঞানী ড০ আব্দুল হাফিজৰ নেতৃত্বত কৃষি বিজ্ঞান কেন্দ্র দৰঙৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মনোজ কুমাৰ চৌহান, ড০ মোজাহাৰুল ইছলাম, ড০ আব্দুল হাফিজ আৰু পৰিচালক হেঙুলজ্যোতি শালৈ, অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সঞ্চালক ড০ অতুল বৰগোহঁাই,অধ্যাপক ড০ জিতেন্দ্র চহৰীয়া, সহযোগী অধ্যাপক ড০ ৰাজজ্যোতি ডেকা, নগাঁও ৰহা মীন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক কৌস্তভ ভাগৱতী, ড০ পৱিত্র কুমাৰ চহৰীয়াৰ লগতে নগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ড০ তুলসী প্রসাদ শইকীয়া, ড০ পৱিত্র কুমাৰ বৰদলৈ, ড০ পুতুল চন্দ্র শর্মাসহ কৃষি বিজ্ঞানীৰ দলটোৱে ক্ষেত্রভিত্তিক এক অধ্যয়ন কৰে৷ এই অধ্যয়নৰ প্রতিবেদন মুখ্যমন্ত্রীৰ হাতত অর্পণ কৰাৰ পাছতেই গ্রহণ হ’ব কার্যব্যৱস্থা৷

উল্লেখ্য ছিপাঝাৰৰ চক্র বিষয়া নন্দন নীলোৎপল ভাগৱতীয়ে ভূমি সম্পর্কীয় তথ্যপাতিৰ বাবে দলটোক সহযোগিতা কৰে৷আনহাতে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ কৃষিৰ জৰিয়তে আত্মসংস্থাপনৰ আঁচনি ৰূপায়ণ কৰা সংযুক্ত মুক্তি বাহিনীৰ আলোচনা পন্থী নেতা তথা কর্ম পৰিষদৰ সদস্য প্রাণজিৎ শইকীয়াৰ লগতে ‘স্বাৱলম্বন’ আঁচনিৰ অধ্যক্ষ প্রাঞ্জল শইকীয়ায়ো কৃষি বিজ্ঞানী দলটোৰ লগত পর্যবেক্ষণ কৰে৷

ইফালে, কৃষি বিজ্ঞানীৰ দলটোৱে ক্ষেত্রভিত্তিত পৰিদর্শন কৰাৰ লগতে সমগ্র বিষয় সন্দর্ভত ব্যৱস্থা গ্রহণৰ বাবে চৰকাৰে গঠন কৰা সমিতিৰ সদস্য সচিব তথা কৃষি বিভাগৰ সঞ্চালক বিনোদ চেহচানো ধলপুৰত উপস্থিত হৈ পৰিদর্শন কৰে৷কৃষি বিজ্ঞানীৰ দলটোৰ লগতে ধলপুৰ মন্দিৰ পৰিচালনা সমিতিৰ লগত সঞ্চালকগৰাকীয়ে এক চমু আলোচনাতো মিলিত হয়৷

You might also like