গণশিল্পী নবীন বড়োক ৰাজ্য চৰকাৰ–সাংসদ শৰণীয়াৰ সাহায্য
নিয়মীয়া বার্তা, ১৭ মেঃ কিছুদিন পূর্বে চৰম আর্থিক সংকটত ভোগা গণশিল্পী নবীন বডো সম্পর্কে ‘নিয়মীয়া বার্তা’ত প্রকাশিত বাতৰিৰ প্রভাৱ শনিবাৰে ৰজাঘৰত পৰিছে৷ চৰকাৰে শনিবাৰে শিল্পীগৰাকীক আনুষ্ঠানিকভাৱে সাহায্য প্রদান কৰে৷ দীর্ঘদিন অসুস্থ হৈ থকা গণশিল্পী নবীন বডোৰ গৃহত আজি উপস্থিত হয় বাস্কা ৰাজহ চক্রৰ চক্র বিষয়া চিন্ময় পাঠক৷ প্রকাশিত বাতৰিৰ পাছতে শনিবাৰে মুখ্যমন্ত্রী কার্যালয়ৰ হৈ বাস্কা ৰাজহ চক্রৰ চক্র বিষয়া চিন্ময় পাঠকৰ সৈতে কার্যালয়ৰ আন চাৰিগৰাকী কর্মচাৰীয়ে বাগ্সা জিলাৰ মুছলপুৰৰ সমীপৱর্তী গাৰামদেউস্থিত গণশিল্পীগৰাকীৰ বাসগৃহত গৈ চাউল, দাইল, মিঠাতেল আৰু ঔষধকে ধৰি অন্যান্য সামগ্রী চাৰি মাহলৈ চলিব পৰাকৈ যোগান ধৰে৷ লগতে ছেনিটাইজাৰ আৰু মাস্ক প্রদান কৰে শিল্পীগৰাকীৰ পৰিয়ালক৷ চক্র বিষয়াগৰাকীয়ে গণশিল্পীগৰাকীক শিল্পী পেঞ্চনৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ যাৱতীয় নথিপত্র শীঘ্রেই প্রেৰণ কৰিব বুলি কয়৷
ইয়াৰ পিছতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়ায়ো শিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈ খা–খবৰ লৈ আর্থিক সাহায্য প্রদান কৰে৷ তেওঁৰ সৈতে বিটিচিৰ দিহিৰা সমষ্টিৰ এম চি এল এ ঘনশ্যাম দাস, অবডো সুৰক্ষা সমিতিৰ মুখপাত্র পংকজ দাসকে ধৰি বহু লোক উপস্থিত থাকে৷