নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ ঘগৰাবস্তিত ধান ক্ৰয় কেন্দ্ৰ, ভড়াল গৃহৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত গহপুৰ মহকুমাৰ সোলেঙীগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘগৰাবস্তিত যোৱা ৩০ জানুৱাৰীত এটা ধান ক্ৰয় কেন্দ্ৰ আৰু ভড়াল গৃহৰ শুভ উদ্বোধন কৰা হয়। গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলাৰ নিৰ্বাচনী বিষয়া মুনিন্দ্ৰ নাথ ঙাটে, গহপুৰ মহকুমাৰ ভাৰপ্রাপ্ত মহকুমাধিপতি দীপন বৰ্মন, যোগান বিষযা সীমান্ত গোস্বামী, ধান ক্ৰয় কেন্দ্রৰ পৰিচালক মনজিৎ ভূঞা আদিৰ অংশগ্রহণেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ধান ক্ৰয় কেন্দ্ৰ আৰু ভড়াল গৃহটো ১০ হাজাৰ বৰ্গ ফুটৰ। কৃষক ৰাইজৰ সুবিধাৰ্থে  গৃহটো নিৰ্মাণ কৰি বিভাগক অৰ্পণ কৰে যুৱ ব্যৱসায়ী সত্যব্ৰত গোস্বামীয়ে। ৫০ শতাংশ ৰাজসাহাৰ্য্যৰে নিৰ্মাণ কৰি উলিওৱা  গৃহটো পৰিচালনা কৰিব সত্যব্ৰত গোস্বামীয়ে।কৃষক ৰাইজে প্ৰতি কুইণ্টলত ২০৪০ টকাকৈ ধান বিক্ৰী কৰিব পাৰিব চৰকাৰী গৃহটোত।উক্ত ভড়াল গৃহটোৰ পৰা কৃষক ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
You might also like