নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৪ শতাংশ কাম সম্পন্নঃ ২০২৩ চনতেই কাৰ্যক্ষম হৈ উঠিব গেৰুকামুখ প্ৰকল্প

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী: চলিত বছৰ অর্থাৎ ২০২৩ চনতেই কার্যক্ষম হ’ব বিতর্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প৷ হতিমধ্যে গেৰুকামুখত নির্মীয়মাণ প্রকল্পটোৰ ৮৪ শতাংশ কাম সম্পন্ন হৈছে৷  লোকসভাত কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে এহ কথা ঘোষণা কৰিছে৷ ২,০০০ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্রকল্পটোৰ চাৰিটা হউনিটৰ পৰা ১,০০০ মেগাৱাট বিদ্যুৎ ২০২৩–২৪ বিত্তীয় বর্ষৰ ভিতৰত উৎপাদন হ’ব৷ বাকী ১,০০০ মেগাৱাট বিদ্যুৎ ২০২৪–২৫ বিত্তীয় বর্ষৰ ভিতৰত উৎপাদনক্ষম হৈ পৰিব৷ সদনৰ প্রশ্ণোত্তৰ কালত সাংসদ আছাউদ্দিন ৱেহছিয়ে হিমালয়ৰ পাদদেশত জলবিদ্যুৎ প্রকল্পসমূহক লৈ উত্থাপন কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী সিঙে প্রকাশ কৰা মতে, ২০০৩ চনৰ ১৬ জুলাহত পৰিৱেশ বিভাগৰ সেউজ সংকেত লাভ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ২০২৪ চনৰ জুন মাহৰ ভিতৰত এশ শতাংশ কার্যক্ষম হৈ পৰিব৷ নির্মাণকাৰী সংস্থা এন এহচ পি চিয়ে এহ লক্ষ্য নির্ধাৰণ কৰিছে৷

উল্লেখ্য যে মন্ত্রী সিঙে প্রদান কৰা বিবৃতি অনুসৰি ৬০ হাজাৰৰো অধিক মেগাৱাটৰ বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা থকা অৰুণাচল প্রদেশত এহ মুহূর্তত মাত্র ১,১১৫ মেগাৱাটৰ তিনিটা জলবিদ্যুৎ প্রকল্প আছে৷ নীপকোৱে পৰিচালনা কৰা এহ প্রকল্পসমূহ হৈছে ৰঙানদী, পাৰে আৰু কামেং৷ আনহাতে অসমত তিনিটা জলবিদ্যুৎ প্রকল্পৰ পৰা মাত্র ৩৫০ মেগাৱাটৰ বিদ্যুতহে উৎপাদন হয়৷ এহ তিনিটা প্রকল্প হৈছে নীপকোৰ কপিলী, খানডং আৰু এ পি জি চি এলৰ কার্বি লাংপি৷

You might also like