গোৱালপাৰাত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথ
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ যি সময়ত পেলনীয়া প্লাষ্টিকে পৰিৱেশ প্ৰদূষিত কৰি আহিছে তেনে সময়তে গড়কাপ্টানী বিভাগে পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰিছে পথ ৷
দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সংযোগী কৃষ্ণাইৰ ভেল্টাৰঘাট-মানিকগঞ্জ গড়কাপ্টানী পথৰ জৰাজীৰ্ণ হৈ পৰা পথছোৱা পেলনীয়া প্লাষ্টিকেৰে মেৰামতিৰ কাম কৰিছে গড়কাপ্তানী বিভাগে ৷
উল্লেখ্য যে পথছোৱা ৫ কিলোমিটাৰ পৰ্যন্ত পথ বিতুমিনৰ লগত ৮ শতাংশ প্লাষ্টিক মিলাই মেৰামতি কৰা হৈছে ৷
ইপিনে প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰিলে পথছোৱা দীৰ্ঘায়ু আৰু আটকধুনীয়া হোৱাৰ বিপৰীতে পথ নিৰ্মাণত ব্যৱহাৰিত টকাৰ পৰিমাণেও ৰাহি হয় বুলি গড়কাপ্টানী বিভাগে জানিবলৈ দিয়ে ৷