নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱৰ তেলীপাৰা কৃষি গৱেষণা কেন্দ্রত আক্রমণ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ তেলীপাৰাস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্র আৰু কৃষি বিজ্ঞান কেন্দ্রত এক পথ দুর্ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ আঞ্চলিক কৃষি গৱেষণা কেন্দ্রটোৰ মাজেৰে যোৱা পথত সংঘটিত এটি দুর্ঘটনাত এজন লোকৰ মৃত্যু হয়৷ এই ঘটনা বিয়পি পৰাৰ পিছতে শ শ লোকে আহি     দুর্ঘটনাৰ বাবে গৱেষণা কেন্দ্র কর্তৃপক্ষক জগৰীয়া কৰি উত্তাল প্রতিবাদ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি একাংশ উত্তেজিত লোকে কৃষি বিজ্ঞান কেন্দ্রৰ কার্যালয়ত আক্রমণ কৰি বিস্তৰ ক্ষতি কৰে৷ উত্তেজিত লোকে এখন গাড়ীৰো ক্ষতি কৰে৷

উল্লেখ্য যে তেলীপাৰা কৃষি গৱেষণা কেন্দ্রৰ ভিতৰেদি যোৱা ৰাজহুৱা পথটোৰ উত্তৰ দিশত থকা লোৰ গেটখন বন্ধ কৰি ৰখাত পথৰ দাঁতিৰে বাহনসমূহ অহা–যোৱা কৰিবলগা হয়৷ আজি সেই ঠাইখিনি অতিক্রম কৰা সময়ত ইঞ্জিনচালিত তিনিচকীয়া বাহন এখন বাগৰি পৰে আৰু চালকজন গাড়ীৰ তলত পৰি যায়৷ মূৰত আঘাত পোৱা চালকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ গোসাঁইগাঁৱৰ পলাশগুৰি গাঁৱৰ ওছমান আলীৰ পুত্র মণিৰুজ্জামান শ্বেখৰ মৃত্যুৰ খবৰ পাই পৰিয়াল আৰু গাঁৱৰ লোকে আহি দুর্ঘটনাৰ স্থান প্রত্যক্ষ কৰিয়ে তেলীপাৰা কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ড০ সুনীল পালৰ বিৰুদ্ধে খড়গহস্ত হৈ পৰে৷ ৰাইজে পথটোৰ উত্তৰ দিশত থকা স্থানত গেট দি বন্ধ কৰা বাবেই লোকজন দুর্ঘটনাগ্রস্ত হ’ল বুলি অভিযোগ কৰে৷ ৰাইজে উত্তেজিত হৈ মৃতদেহ পথৰ মাজত ৰাখি প্রতিবাদ সাব্যস্ত কৰে৷ আশে–পাশে থকা গাঁৱৰ পৰা শ শ লোক আহি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ হিলদল ভাঙি অহা গাঁওবাসীয়ে মৃতদেহ কান্ধত লৈ কৃষি বিজ্ঞান কেন্দ্রৰ মূল কার্যালয়ৰ সন্মুখত ধর্ণা দিয়ে আৰু ৰাজহুৱা পথত চলাচলত বাধা প্রদান কৰা মুখ্য বিজ্ঞানী ড০ সুনীল পালক গ্রেপ্তাৰ আৰু ইয়াৰ পৰা বদলি কৰাৰ দাবী জনায়৷

ৰাইজৰ তীব্র প্রতিবাদী কার্যসূচী চলি থকা সময়তে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া, অর্ধ সামৰিক বাহিনীৰ দল উপস্থিত হৈ উত্তেজিত বিধায়ক, মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া, আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ এটি কক্ষত স্থানীয় বিশিষ্ট ব্যক্তিবর্গক লৈ ৰাইজৰ অভিযোগ সন্দর্ভত আলোচনা কৰে৷ মুখ্য বিজ্ঞানী ড০ পাল অনুপস্থিত থকাত বিষয়টো পিছত পুনৰ আলোচনা কৰা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে৷ আজিৰ আলোচনাত দুর্ঘটনাত মৃত লোকজনৰ পৰিয়ালক উপযুক্ত আর্থিক সাহায্য প্রদান আৰু উপযুক্ত এজনক চাকৰি দিয়াৰ দাবীত ৰাইজ সৰৱ হৈ পৰে৷ ৰাইজৰ এই দাবী মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে৷

You might also like