নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ভ্রাম্যমাণ কাঠফলা কল জব্দ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাত সক্রিয় হৈ পৰিছে চোৰাং কাঠৰ ব্যৱসায়ী চক্র৷ অবৈধ কাঠফলা কলত চোৰাংভাৱে কাঠ ফালি ব্যৱসায়ী চক্রই চলাই আহিছে ৰমৰমীয়া বেহা৷ কালি তেনে কাঠফলা কলৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমা দণ্ডাধীশ আৰু লক্ষীগঞ্জ, ৰোকাখাতা খণ্ড বন বিষয়া ক্রমে ৰনেন্দ্র কলিতা আৰু নুৰ ইছলামৰ নেতৃত্বত বন বিষয়া কর্মীয়ে যৌথ অভিযান চলায়৷ অভিযানত লক্ষীগঞ্জ অঞ্চলত কাঠৰ কুণ্ডাসহ ভ্রাম্যমাণ কাঠফলা কল এটা জব্দ কৰিবলৈ সক্ষম হয়৷

অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠৰ ব্যৱসায়ী চক্রটোৱে পলাই যায়৷ মহকুমাৰ বিভিন্ন বনাঞ্চলৰ পৰা অপৈণত শাল, চেগুন আদি গছবোৰ কাটি অবৈধ ব্যৱসায় চলাই অহা চক্রৰ লগতে অবৈধ কাঠফলা কলসমূহ উৎখাত কৰিবলৈ বনমন্ত্রীক ৰাইজে দাবী জনাইছে৷

You might also like