নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা জিলা পৰিবহন বিভাগৰ উদ্যোগত বিশাল মটৰচাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে গোৱালপাৰা জিলা পৰিবহন বিভাগে আজি বিশাল মটৰ চাইকেলৰেলী উলিয়ায়। জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ পৰা উলিওৱা মটৰ চাইকেল ৰেলীৰ প্ৰতিখন মটৰচাইকেলত ত্ৰিৰংগা পতাকা লগাই আগিয়া হৈ গোৱালপাৰা চহৰৰ বিভিন্ন ৰাজপথেদি পৰিক্ৰমা কৰি পুনৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত সামৰণি মাৰে। উক্ত মটৰ চাইকেল ৰেলী উদ্ধোধন কৰে জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে। আজিৰ মটৰ চাইকেল ৰেলীৰ জৰিয়তে মটৰ চাইকেল চলাওতে হেলমেট পিন্ধাৰ সজাগতাৰ লগতে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান অনুসৰি অহা ১৩আগষ্টৰ পৰা ১৫আগষ্ট লৈকে সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাবলৈ মটৰচাইকেল ৰেলীত মাইকযোগে আহ্বান জনায়।

You might also like