নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বসন্ত নেওগ গায়নৰ আকস্মিক বিয়োগ; মাজুলীত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ যুৱবৈষ্ণৱ, সত্ৰীয়া সংস্কৃতিৰ সাধক,সুদক্ষ অভিনেতা বসন্ত নেওগ গায়নৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আকস্মিক বিয়োগ ঘটে। পুৱাৰ ভাগত এই বাতৰিটো মাজুলীত বিয়পি পৰাৰ লগে লগে উত্তৰ কমলাবাৰী সত্ৰৰ লগতে সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰে। কিছুদিন জ্বৰ আৰু কাহত ভোগী থকা শিল্পীগৰাকীয়ে উসাহ লোৱাত কষ্ট পোৱাত ৰোৱা ২৫ জুলাইত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছিল।

অৱশেষত আজি পুৱাই মৃত্যুৰ ওচৰত হাৰ মানে শিল্পী গৰাকীয়ে।একান্ত সত্ৰীয়া সংস্কৃতিৰ সাধক,বিশিষ্ট শিল্পী গৰাকীয়ে শিশুকালৰে পৰা সাধনা অব্যাহত ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰৰ উপৰিও ভাৰত বৰ্ষৰদিল্লী, মুম্বাই হাইদৰাবাদ, তামিলনাডু, কেৰেলা, লক্ষ্ণৌ, কলিকতা, পঞ্জাৱ আদি স্থানত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছিল। তদুপৰি ২০১৬ চনত সুদুৰ ইংলেণ্ডৰ বৃট্টিছ মিউজিয়ামত সত্ৰীয়া সংস্কৃতিৰ পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।উদাসীন জীৱন অতিবাহিত কৰা বসন্ত নেওগ গায়ন একেধাৰে এজন সুদক্ষ অভিনেতা,গায়ন,ওজাপালি শিল্পী,নামলগোৱা আছিল। সত্ৰীয়া সংস্কৃতিৰ সাধক,সাংস্কৃতিক সংগঠক,সমাজকৰ্মী, আত্মনিৰ্ভৰশীল পথত নবপ্ৰজন্মৰ আদৰ্শ স্বৰূপ আছিল।

উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ ১৭ বছৰ সম্পাদক, ৬ বছৰ সভাপতি হিচাপে নিষ্ঠা-সততাৰে নিস্বাৰ্থ সেৱা আগবঢ়োৱা এই গৰাকী শিল্পী কমলাবাৰীস্থ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। এই গৰাকী বৈষ্ণৱ পৰলোকত সত্ৰখনৰ অপুৰণীয় ক্ষতি বুলি তেৰাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি সত্ৰৰ সত্ৰাধিকাৰ সমূহ ভকত বৈষ্ণৱে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এই গৰাকী শিল্পীৰ মৃত্যুত মাজুলী জিলা সাহিত্য সভা, মাজুলী জিলা সাংবাদিক সন্থা, শংকৰদেৱ শিশু বিদ্যা নিকেতন কমলাবাৰী, আদি বিভিন্ন সামাজিক ,সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা শোকবাৰ্তা প্ৰেৰণ কৰিছে। উত্তৰ কমলাবাৰী সত্ৰত শেষ কৃত্য সম্পন্ন কৰা শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৬ বছৰ।

You might also like