গোৱা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত বিক্ৰমজিত দাসৰ চুটি ছবি “মাডাৰ্চ ডে”
নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ: বিক্ৰমজিত দাসৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত অসমীয়া চুটি ছবি “মাডাৰ্চ ডে”য়ে নৱম গোৱা চুটি ছৱি মহোৎসৱলৈ নিৰ্বাচিত হৈছে। মাতৃ-কন্যাৰ সমন্ধৰ ওপৰত নিৰ্মিত এই ছৱিখনত অভিনয় কৰিছে সুজিতা ডেকা, নন্দিনী ৰাজখোৱা আৰু পদুমী ডেকাই। উল্লেখযোগ্য যে,উক্ত ছৱিখন ইতিমধ্যে ওৱান আৰ্থ এৱাৰ্ড-২০২২(বাংগালোৰ)ৰিভাৰবেংক চৰ্ট ফিল্ম এণ্ড মিউজিক ফেষ্টিভেল ২০২১,চিনে মেকিং ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২২(ঢাকা)আদি নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে।পৰিচালক বিক্ৰমজিত দাস বৰ্তমান তেওঁৰ শেহতীয়া ছবি “গোলমাল”ত ব্যস্ত হৈ আছে।নগাঁৱৰ সন্তান বিক্ৰমজিতৰ ছৱি “মাডাৰ্চ ডে” গোৱা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাত নগঞা সাংস্কৃতিক প্ৰেমী মহলৰ মাজত স্বাভাৱিকতে আনন্দৰ জোৱাৰ উঠিছে।