নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত ৫ বছৰত চিকিৎসাৰ বাবে ভাৰতলৈ আহিল ১৪লাখৰো অধিক বিদেশী লোক; যাৰে সৰ্বাধিক বাংলাদেশী নাগৰিক

নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ: ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰত ভ্ৰমণ কৰা মুঠ ২৭.৪৭ লাখ বিদেশী নাগৰিকৰ ভিতৰত ৫২.৫ শতাংশ লোকেই বাংলাদেশৰ বুলি এক RTI ত প্ৰকাশ পাইছে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) কয় যে ইউৰোপ আৰু আমেৰিকাৰ তুলনাত অতি সুলভ মূল্যত উন্নত চিকিৎসা সেৱাৰ বাবে বিশেষকৈ এছিয়াৰ চুবুৰীয়া দেশৰ লোকসকলে চিকিৎসাৰ বাবে ভাৰতক পছন্দ কৰে। দৰাচলতে আৰ টি আই কৰ্মী চন্দ্ৰশেখৰ গৌৰে দেওবাৰে জনোৱা মতে, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ অনুসন্ধান বিভাগে তেওঁক আৰ টি আই আইনৰ অধীনত চিকিৎসাৰ উদ্দেশ্যে ভাৰতলৈ অহা বিদেশী নাগৰিকৰ বিষয়ে তথ্য প্ৰদান কৰিছে। এই আইনৰ অধীনত গৌৰক দিয়া উত্তৰত সংমণ্ডলটোৱে কয় যে ব্যুৰো অৱ ইমিগ্ৰেচনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই তথ্য দিয়া হৈছে।

এই তথ্য অনুসৰি ২০১৬ চনত ভাৰতলৈ চিকিৎসাৰ বাবে অহা বিদেশী লোকৰ সংখ্যা আছিল ৪.২৭ লাখ, ২০১৭ চনত ৪.৯৫ লাখ, ২০১৮ চনত ৬.৪১ লাখ, ২০১৯ চনত ৬.৯৭ লাখ, ২০২০ চনত ১.৮৪ লাখ আৰু ২০২১ চনত ৩.০৩ লাখ আছিল। এই সময়ছোৱাত ক্ৰমে ২.১০ লাখ, ২.২২ লাখ, ৩.২২ লাখ, ৪.০১ লাখ, প্ৰায় এক লাখ আৰু ১.৮৭ লাখ বাংলাদেশী নাগৰিকে চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল।

চৰকাৰী তথ্যই দেখুৱাইছে যে কভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত ব্যাঘাত জন্মাৰ মাজতে ২০২০ আৰু ২০২১ চনত ভাৰতলৈ চিকিৎসাৰ বাবে অহা বিদেশী নাগৰিকৰ সংখ্যা হ্ৰাস পাইছে। ভাৰতলৈ চিকিৎসাৰ বাবে অহা বিদেশী নাগৰিকসকলৰ ভিতৰত বাংলাদেশৰ ওপৰি আছে মালদ্বীপ, আফগানিস্তান, ইৰাক, ওমান আৰু য়েমেনৰ নাগৰিক।

You might also like