নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইকেল চলাই মহাৰাষ্ট্রৰ পৰা ঘৰ পালে বাগ্সাৰ দুই যুৱকে

নিয়মীয়া বার্তা, ৩১ মে’:  ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণ প্রতিৰোধৰ বাবে লকডাউনৰ পৰিপ্রেক্ষিতত দুজন যুৱকে মহাৰাষ্ট্রৰ পৰা চাইকেলেৰে আহি আজি বাগ্সাৰ ঘৰত উপস্থিত হয়৷ বাগ্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তর্গত উজিৰবাৰী গাঁৱৰ আমবাৰী চুবাৰ উমেশ বডোৰ পুত্র বলেন বডো আৰু ধীৰেন ৰামছিয়াৰীৰ পুত্র হিৰণ্য ৰামছিয়াৰীয়ে বিগত বছৰত মহাৰাষ্ট্রৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰাৰ বাবে গৈছিল৷

চৰকাৰে লকডাউন ঘোষণা কৰাত সকলো যাতায়াত বন্ধ হৈ পৰে৷ ইয়াৰ পৰিপ্রেক্ষিততে এই দুই যুৱকে যোৱা ৯ মে’ত মহাৰাষ্ট্রৰ পৰা চাইকেলেৰে নিজ ঘৰ অভিমুখে যাত্রা আৰম্ভ কৰে৷ সম্পূর্ণ একৈশ দিন ধৰি যাত্রা কৰা এই দুই যুৱকে শনিবাৰে সন্ধিয়া ৬.৩০ বজাত বাগ্সা জিলাৰ আমবাৰী গাঁৱত উপস্থিত হয়৷ গাঁওবাসীয়ে তেওঁলোকক উষ্ম আদৰণি জনায়৷ দুয়োকে আমবাৰীৰ লখিমী হাইস্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রত ৰখা হয়৷ সুদূৰ মহাৰাষ্ট্রৰ পৰা চাইকেলেৰে অহাৰ খবৰ শুনি গাঁওবাসীয়ে অধিক উৎকণ্ঠাৰে তেওঁলোকক চাবলৈ হেতা–ওপৰা লগায়৷ ইয়াৰ পাছতে তেওঁলোকক গাঁৱৰ ব্যক্তিসকলে খাদ্য যোগান ধৰে৷ জিলা প্রশাসনে এইক্ষেত্রত কিছু পৰিমাণে খাদ্য–সামগ্রী যোগান ধৰাটো গাঁওবাসীয়ে বিচাৰিছে৷

You might also like