নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত ই-অফিচৰ শুভাৰম্ভ

নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: চৰকাৰী কাম-কাজৰ গতি অধিক ত্বৰান্বিত কৰা, ৰাজহুৱা সেৱা প্ৰদান প্ৰক্ৰিয়া উন্নীতকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাক অধিক কাৰ্যক্ষম আৰু স্বচ্ছতা অনাৰ লক্ষ্যৰে তথা বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ যুগৰ সৈতে খোজ মিলাই চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্য্যালয় এতিয়াৰ পৰা কাগজৰ ফাইলৰ পৰিবৰ্তে ইলেক্ট্ৰনিক মাধ্যমেৰে ফাইল আদান-প্ৰদান ব্যৱস্থাপনাৰ দিশে অগ্ৰসৰ হৈছে।
উপায়ুক্ত পল বৰুৱাই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত আয়োজিত এখন সভাত আজি ই-অফিচ ব্যৱস্থাৰ অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, ই-অফিচৰ প্ৰথম পৰ্যায়ত উপায়ুক্ত কাৰ্যালয় তিনিটা শাখা ক্ৰমে দণ্ডাধীশ শাখা, গোপনীয় শাখা আৰু কৰ্মচাৰী শাখাক এই ব্যৱস্থাৰ আওতাত অনা হৈছে। পৰৱৰ্তী পৰ্যায়ত অন্যান্য শাখাসমূহতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ই-অফিচ ব্যৱস্থা সক্ৰিয় কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে। তেওঁ ই-অফিচ ব্যৱস্থাৰ সংযোজনৰ জৰিয়তে বিষয়া-কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি,  প্ৰশাসনিক কাম-কাজ খৰতকীয়া হোৱাৰ লগতে ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা স্বচ্ছ আৰু অধিক ফলপ্ৰসূ হ’ব বুলি কয়। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন উপায়ুক্ত কাৰ্যালয়তে ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত ই-অফিচ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। সভাত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কয় যে, ই-অফিচ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত বিগত ৩-৪ মাহৰ পৰা পূৰ্ণ প্ৰস্তুতি চলোৱা হৈ আছিল। এই ক্ষেত্ৰত কেইবালানি প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে সজাগতা কাৰ্যসূচী আৰু ফাইলসমূহৰ শ্ৰেণীবিভাজন ইত্যাদি কাম সম্পন্ন কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। সভাত ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (National Informatics Centre) -ৰ জিলা তথ্য বিজ্ঞান বিষয়া প্ৰমোদ কুমাৰ নাথে ই-অফিচৰ যোগেদি কাম কৰাৰ পদ্ধতি সম্পৰ্কে এক বিস্তৃত অবলোকন দাঙি ধৰে। সভাত সহকাৰী আয়ুক্তসকল ক্ৰমে সমুজ্জ্বল বড়া, জাহ্নৱী গোস্বামী আৰু সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
You might also like