নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনশিল্পী সুনীল শইকীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত গীত-মাতে জীপাল আঘোণৰ দুপৰীয়া

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নগাঁৱত গীতে-মাতে জীপাল হ’ল আঘোণ মাহৰ আজিৰ দুপৰীয়াটো । নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া জামুগুৰি চাৰিআলিস্থিত জনশিল্পী সুনীল শইকীয়া সংগীত বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে অনুষ্ঠিত হয় এই গীত-মাতৰ অনুষ্ঠান । শিল্পী প্ৰাণজিৎ কাশ্যপৰ বৰগীতেৰে শুভাৰম্ভ হোৱা গীত-মাতৰ অনুষ্ঠানটিৰ আঁত ধৰে যুৱ লেখক প্ৰাঞ্জল কুমাৰ মহন্তই । বিশিষ্ট বাঁহী বাদক দীপক কুমাৰ শৰ্মা, সাহিত্য অকাডেমীৰ অনুবাদক বঁটাৰে সন্মানিত বিশিষ্ট শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা, নাট্যকাৰ দীপক বৰা, জ্যেষ্ঠ অধ্যাপক তথা সুবক্তা মোহিনী মোহন ডেকা, প্ৰবীণ অনাতাঁৰ শিল্পীী গম্ভীৰ নাথ, ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱা, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিত বেজবৰুৱা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনন্য অনুষ্ঠানত শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়া, সুশীলা বৈশ্য শইকীয়া, কুকিল হাজৰিকা, মিনু হাজৰিকা দাস, বাবুল বৰা, নাৰায়ণ কাকতিৰ উপৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী চুইটি হাজৰিকা, অঞ্জন কৃষ্ণ শইকীয়া, জিষ্ণু বেজবৰুৱা, দেৱাগংনা শইকীয়া,ডৰথী দেৱী, অপৰাজিতা ডেকা, শ্বাৱনী বৰুৱা, নিকিতা শইকীয়া আদিয়ে চিৰসেউজ গীত পৰিবেশন কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে । ইফালে, এই অনুষ্ঠানতেই সংগীত মহাবিদ্যালয়খনৰ অধ্যক্ষ তৰুণ শইকীয়াৰ ‘কপিলী’ শীৰ্ষক গীতটিৰো শুভ উন্মোচন কৰা হয় । সন্ধিয়া ছয় বজাত অনুষ্ঠিত হোৱা দীপাংকৰগিৰী, যীতু শ্ৰাৱণ, কানু কণ্ডলী, ৰাজীৱ মহন্ত, ৰাতুল হাজৰিকাকে ধৰি বিশিষ্ট অতিথি শিল্পী সকলৰ সুৱদীসুৰীয়া সংগীতানুষ্ঠানেৰে সামৰণি পৰা আকৰ্ষণীয় অনুষ্ঠানটিত উপস্থিত থকা সকলোলৈকে সংগীত মহাবিদ্যালয়খনৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে শলাগ আৰু শুভেচ্ছা জ্ঞাপন কৰে ।

You might also like