নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাহ্নবী বৰদলৈৰ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: লেখিকা জাহ্নবী বৰদলৈৰ চতুৰ্থখন গ্ৰন্থ “পথে প্ৰান্তৰে সুদুৰৰ হাতবাউলি” শীৰ্ষক এক ভ্ৰমণ কাহিনী আজি গুৱাহাটীৰ হোটেল ডি’ অগ্নিদ্বীপৰ প্ৰেক্ষাগৃহত উম্মোচন কৰা হয়। অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী চন্দ্ৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত এই মনোগ্ৰাহী গ্ৰন্থখন উম্মোচন কৰি অৱসৰ প্ৰাপ্ত আই এ এছ বিষয়া ৰবেন্দ্ৰ কুমাৰ দাসে জাহ্নবী বৰদলৈৰ লিখন শৈলীৰ ওপৰত বিশ্লেষণ আগবঢ়ায়। গ্ৰন্থ উম্মোচনী সভাখনত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা° জয়ন্ত দাস আৰু চিন্তাবিদ, লেখক ড° অঞ্জনজ্যোতি চৌধুৰীয়েও গ্ৰন্থখনৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত চন্দ্ৰ প্ৰকাশৰ হৈ স্বত্বাধিকাৰী ডা° ৰবীন্দ্ৰ মোহন শৰ্মাও উপস্থিত থাকি কিছু বাখ্যা আগবঢ়ায়। অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা পৰিচালিত এই সভাখনত বিশিষ্টা অনতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই এটি গীত পৰিবেশন কৰে। সদৌ শেষত গ্ৰন্থখনৰ লেখিকা জাহ্নবী বৰদলৈয়ে সকলোলৈকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সমৰণি মাৰে।

You might also like