নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা; ৮ জানুৱাৰীত অৰুন বৰা সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ:  যোৰহাট জিলা সাংবাদিক সন্থাই প্ৰৱৰ্তন কৰা অৰুণ বৰা সোঁৱৰণী সাংবাদিক বঁটা অহা ৮ জানুৱাৰীত প্ৰদান কৰিব । আজি যোৰহাট প্ৰেছ ক্লাবত সন্থাৰ সভাপতি ৰামপ্ৰসাদ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত জিলা কাৰ্যনিৰ্বাহক সভাতে এই সিদ্ধান্ত গ্ৰহণ কৰে । সম্পাদক মৃদুল হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সন্থাৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ দত্ত, উপদেষ্টা তুফেল জিলানী, দিব্যজ্যোতি শৰ্মা, যুটীয়া সম্পাদক নৱজ্যোতি তামূলী, কোষাধ্যক্ষ প্ৰাঞ্জল প্ৰতীম বৰা, উপ-সভাপতি প্ৰদীপ গগৈ, তাপস বৰুৱা, চক্ৰসেন গগৈয়ে বক্তব্য আগবঢ়ায় । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক ৰাতুল বৰা আৰু কাৰ্যনিৰ্বাহক সদস্য জিতু কলিতা সভাত উপস্থিত থাকে। কাৰ্যনিৰ্বাহক সভাই মাজুলীত অৰুণ বৰা সোঁৱৰণী সাংবাদিক বঁটা মাজুলীতে মাজুলী জিলা সাংবাদিক সন্হাৰ সহযোগত প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু জানুৱাৰী মাহৰ ২৯ তাৰিখে যোৰহাট জিলা সাংবাদিক সন্থাৰ বাৰ্ষিক অধিবেশন ঢেকীয়াখোৱাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, সভাই ৰাজ্যিক পৰ্যায়ত সাংবাদিকতা বঁটা প্ৰদানৰ ক্ষেত্ৰত নিৰ্বাচনৰ বাবে এখন সমিতি গঠন কৰে ।

 

নবজ্যোতি তামুলী, চিনামৰা

You might also like