নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেংৰাইমুখ কৃষি খণ্ডৰ ধান কটা কাৰ্যৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা,  ১২ নৱেম্বৰ : মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত, জেংৰাইমুখ কৃষিখণ্ডৰ খণ্ড উন্নয়ন বিষয়া হৰিপ্ৰসাদ লাগাছোৰ তত্বাৱধানত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপাৰ্টৰ পূৰ্ণ সহযোগত যোৱা জুলাই মাহত মাজুলী ফুলনি গাঁও পঞ্চায়তৰ সমিপৰ প্ৰায় দুবিঘা মাটিত আৰম্ভ কৰিছিল ১৩ টা প্ৰজাতিৰ শালি ধানৰ গৱেষণামুলক খেতি ৷ আজি মাজুলী জিলা প্ৰশাসনৰ লোক, কৃষি বিভাগৰ লোকৰ উপস্থিতিত এই শালী ধানৰ কৃষি কাৰ্যৰ ধানদোৱা মেচিনেৰে শুভাৰম্ভ কৰা হয় ।

মাজুলী জিলা অতিৰক্ত উপায়ুক্ত কাৰ্তিক কলিতাই ধান দোৱা মেচিন চলাই ধান দোৱা কাৰ্যৰ শুভ উদ্বোধন কৰে । এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে উজনি মাজুলীৰ জেংৰাইমুখ কৃষি খণ্ডৰ বিষয়া হৰিপ্ৰসাদ লাগাছুৱে ৷ সভাখনত কৃষকক উদ্যেশ্যী ভাষন প্ৰদান কৰে মাজুলী মহকুমাৰ কৃষি উন্নয়ন বিষয়া ইৰচাদ আলিয়ে ৷ বিষয়াজনে পুৰণি কৃষি পদ্ধতিৰ পৰিৰ্বতে নতুন কৃষি পদ্ধতিৰে কৃষক সকলে কি দৰে উৎপাদন কৰিব পাৰে ৷ বানপিঢ়িত মাজুলীৰ বানত এমাহ , ডেৰমাহ দিন ধৰি পানীৰ তলত থকা কৃষি ভূমিত পানীত নমৰা ধানৰ বিজ কি কি , উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ কৌশল , মাজুলীৰ ৰঙা বাঁও ধানৰ চাহিদা , মাজুলীত কৰা ম্যানমাৰৰ পৰা অনা ক’লা চাউলৰ কঠিয়াৰ চাহিদা ৷ মাজুলীৰ ভুমিৰ উৰ্বৰতা , কৃষিৰ ব্যৱসায়িক লাভালাভ , কৃষকৰ একাগ্ৰতা আদি দিশৰ ওপৰত বক্তব্য ৰখাৰ লগতে, ফুলনিৰ এই ভুমিত কৰা ১৩ টা ধানৰ প্ৰজাতিৰ উৎপাদনশীল দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে।

মাজুলীৰ এই গ্ৰাম্ভিৰ্যপূৰ্ণ কাৰ্যসূচীত উপস্থিত থাকি অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ , ( এপাৰ্ট) ৰ মাজুলী লিলাৰ কৃষি পৰাৰ্মশদাতা ড° ইমৰান হুছেইনে এপাৰ্টে মাজুলীৰ কৃষক সকলৰ বাবে কৰি অহা কাম সমুহৰ ওপৰত মন্তব্য কৰাৰ লগে মাজুলীত কৃষি কাৰ্যৰ বাবে বাবে থকা সম্ভাৱনাপূৰ্ণ দিশ আৰু মহিলা কৃষকৰ উৎসাহ আদি দিশৰ ওপৰত বক্তব্য আগবঢ়াই ৷ মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত কাতৃক কলিতাই কৃষিকাৰ্যৰ জড়িয়তে নিৱনুৱা জৈৱিক কৃষি পদ্ধতিৰে কি দৰে স্বাৱলম্বী হ’ব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ সভাখনত ৰাষ্ট্ৰীয় কৃষি সংস্থা ইৰিৰ কনিষ্ঠ কৃষি গৱেষক অংকিতা চাহু , ফুলনি গাঁও পঞ্চায়তৰ সভাপতি গজেন নৰহ , অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপাৰ্টৰ কৰ্মকৰ্তা , কৃষক , কৃষি সহায়ক মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা লোক সকল উপস্থিত থাকে ৷

মাজুলীত কৰা এই ধানৰ প্ৰজাতিসমূহৰ ভিতৰত – ম্যানমাৰৰ ব্লেক ৰাইছ, ৰনজিত চাব ১, ফাইন ৰেদ ৰাইচ, ক’লা জহা, পাখি লগা বৰা, তেঙাপনিয়া, V-9 DRR-44 আৰু বিনা ধান ১১, চকলঙকে ধৰি মুঠ তেৰটা প্ৰজাতি ধানৰ খেতি পৰিক্ষামুলক ভাৱে কৰাৰ লগতে ইয়াৰে দুবিধ ধানৰ বিজ বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অনা বুলি কৃষি বিভাগে আমাক জানিবলৈ দিয়ে। এইবছৰ কৃষি কাৰ্য সম্পূৰ্ণ গৱেনামূলক ভাৱে কৰা শালী ধানৰ বিজ মাজুলীৰ প্ৰতিজন কৃষকে কি দৰে পাব তাৰ পৰিকল্পনা কৰা হৈছে বুলি বিভাগীয় লোকে প্ৰচেষ্টা চলাব বুলি আমাক জানিবলৈ দিয়ে ৷

input: প্ৰাঞ্জল খাউণ্ড

You might also like