নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানত ‘নীলপৱন বৰুৱাক বিচাৰি’ৰ প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  ড. ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠানৰ ১৮নং বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনবদ্য সৃষ্টি টেলিফিল্ম ( চিংক চাউণ্ড )প্ৰকল্প আৰু  তথ্যচিত্ৰ প্ৰকল্প ক্ৰমে ‘দূৰ’ আৰু ‘নীলপৱন বৰুৱাক বিচাৰি’ যোৱা ২৯ জুনত প্ৰতিষ্ঠান খনৰ চিত্ৰগৃহত দুয়োখন ছবিৰে প্ৰথম আনুষ্ঠানিক প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিশিষ্ট অভিনেতা পৰিচালক ডঃ অনুপ হাজৰিকাই অতি সাৱলীল ভাবে আঁতধৰা টেলিফিল্ম আৰু তথ্যচিত্ৰ প্ৰদৰ্শনী দুখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ইনষ্টিটিউট খনৰ অধ্যক্ষ ডঃ জয়কান্ত শৰ্মাই। দুয়ো খন ছবিৰ পৰিচালক অভিশেষ নাৰায়ণ শৰ্মা আৰু কেশৰজ্যেতি দাস, সহ- পৰিচালক ডলী দাস, চিত্ৰগ্ৰহণকাৰী ক্ৰমে ধ্ৰুৱজ্যোতি দাস, যোশী শইকীয়া, ৰবিশংকৰ দাস, বিস্মিতা বৰা আৰু শ্যামল গগৈ, সম্পাদনা ক্ৰমে কেশৰজ্যেতি দাস, ডলী দাস, শ্যামল ময়ূৰ চেতীয়া, মৌচম ডেকা আৰু নাজমী ৰহমান, শব্দগ্ৰহণকাৰী ক্ৰমে হীৰকজ্যোতি বৰ্মন, দ্বীপজ্যোতি ডেকা, হিৰণময় শৰ্মা, পুলক কৃষ্ণ বৰুৱা, এডবিন বৰুৱা আৰু স্বপ্নীল শইকীয়া, চাউণ্ড ডিজাইন, মিক্সিং, প্ৰযোজনা প্ৰৱন্ধৰ লগত জড়িত ছাত্ৰ ছাত্ৰী সকলক উপস্থিত বিশিষ্ট ব্যাক্তি সকলক চিনাকী কৰি দিয়ে। প্ৰথমে ‘দূৰ’ টেলিফিল্ম খন প্ৰদৰ্শন কৰা হয়। চুটি ছবি ‘দূৰ’ ৰ কাহিনী/চিত্ৰনাট্য/পৰিচালনা/ সম্পাদনা অভিষেক নাৰায়ণ শৰ্মাৰ। ‘দূৰ’ৰ সাৰাংশ–এহাল মধ্যবয়সীয়া দম্পত্তিৰ নিজৰ জীয়ৰীৰ লগত থকা এটা জটিল সম্পৰ্কই তেওঁলোকৰ দৈনন্দিন জীৱনটোক কেনেধৰণে প্ৰভাৱিত কৰিছে সেয়াই টেলিফিল্ম’ দূৰ’ কাহিনীৰ মূল উপজীব্য। বাকী কাহিনীৰ বিন্যাস ছবি খনত অতি সুন্দৰ কৈ দেখা গৈছে। ছবি খন অতি উচ্চ মানণ্ডৰ হৈছে বুলি উপস্থিত বিশিষ্ট বিশিষ্ট ব্যাক্তি তথা অধ্যাপক সকলে মন্তব্য কৰে। ছবি খন নিৰ্মাণ কৰা সময়ত হোৱা বিভিন্ন সমস্যাৰ লগতে সহযোগিতা আগবঢ়োৱা বন্ধু সকলৰ লগতে জ্যেষ্ঠ অভিনেতা অভিনেত্ৰী সকলক প্ৰশংসা কৰি কয় ছবি খনৰ পৰিচালক, কাহিনী আৰু চিত্ৰনাট্য প্ৰস্তুত কৰা ১৮ তম্ বৰ্ষৰ ছাত্ৰ অভিষেক নাৰায়ণ শৰ্মাই। টেলিফিল্ম খনত অতি মননশীল অভিনয় কৰিছে ইনষ্টিটিউট খনৰ অভিনয় বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অনুপ হাজৰিকা, জ্যেষ্ঠ অভিনেত্ৰী অপৰ্ণা দত্ত চৌধুৰীৰ লগতে নন্দিতা ডেকা, বিজয় শংকৰ শইকীয়া, পুনম বৰ্মন আদি।
তাৰ পিছতে “নীলপৱন বৰুৱাক বিচাৰি” তথ্যচিত্ৰ খন প্ৰদৰ্শন কৰে। আধুনিক অসমৰ চিত্ৰকলাৰ অন্যতম বাটকটীয়া চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱনৰ কিছু খণ্ডচিত্ৰৰ সমাহাৰ ‘ নীলপৱন বৰুৱাক বিচাৰি’ তথ্য চিত্ৰখনৰ মূল উপজীব্য। এই তথ্য চিত্ৰ খনৰ বিষয় বস্তুৰ নিৰ্বাচন, পৰিকল্পনা আৰু পৰিচালনা কেশৰজ্যেতি দাসৰ। আনহাতে তথ্য চিত্ৰ খনৰ শৈল্পীক পৰামৰ্শ দাতা হিচাপে আছিল শিক্ষানুষ্ঠানৰ সঞ্জীৱ পৰাশৰ। নীলপৱন বৰুৱাক বিচাৰি তথ্য চিত্ৰখনৰ নিৰ্মাণৰ সময়ত বিভিন্ন জনৰ পৰামৰ্শ, নীলপৱন বৰুৱাৰ সান্নিধ্য লাভ কৰা ব্যাক্তি তথা পৰিচৰ্জা কৰা সকলক পৰিচালক কেশৰজ্যেতি দাসে শলাগ লয়। ‘দূৰ’ আৰু ‘নীলপৱন বৰুৱাক বিচাৰি’ প্ৰদৰ্শনৰ অন্ততঃ শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ ডঃ দেৱজিৎ খনিকৰৰে ছাত্ৰ ছাত্ৰী সকলৰ কৰ্মপটুতাক শলাগ লোৱাৰ লগতে নীলপৱন বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী জনাব বুলি উল্লেখ কৰে। অনুষ্ঠানত ফিল্ম আৰু ভিডিঅ’ সম্পাদনা বিভাগৰ মুৰব্বী অধ্যাপক তথা আঁচনি প্ৰবন্ধক হিৰন্য কলিতা, অডিঅ’গ্ৰাফী আৰু শব্দৰ অভিযন্তা বিভাগৰ মুৰব্বী অধ্যাপক ফাৰুক ইকবাল, মোচন ফটোগ্ৰাফী বিভাগৰ মুৰব্বী অধ্যাপক কিশোৰ শৰ্মা আৰু নডেল বিষয়া ডঃ বিনয় কৃষ্ণ শৰ্মাৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰী শিক্ষক ধীৰেন শৰ্মা আৰু প্ৰভাত শৰ্মাই ছাত্র ছাত্ৰীৰ বিভিন্ন বিভাগত কৰ্মপটুতা দেখুৱাবলৈ সক্ষম হোৱাত ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে  “দূৰ” আৰু
“নীলপৱন বৰুৱাক বিচাৰি” টেলিফিল্ম আৰু তথ্যচিত্ৰ খন ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শনৰ ব্যাৱস্হা গ্ৰহণ কৰিব বুলি  অভিনয় শিক্ষা প্ৰতিষ্ঠান খনৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট অভিনেতা ডঃ অনুপ হাজৰিকাই জানিব দিয়ে।
প্ৰতিবেদকঃ বীৰেন কলিতা 
You might also like