নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত এঘৰত দুটাকৈ নৃশংস হত্যাকাণ্ড! পলাতক হত্যাকাৰীঃ আৰক্ষীৰ তদন্ত অব্যাহত

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰঃ যোৰহাটৰ নৃশংস ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা সময়তে উজনিৰ ডিব্ৰুগড়ত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ হত্যাকাণ্ড।নিজ স্বামীয়ে পত্নী আৰু ভাড়াঘৰৰ মালিকক হত্যা কৰাৰ সন্দেহ কৰা হৈছ। হত্যাকাণ্ড সংঘটিত কৰিয়েই নিজ কনমানি সন্তানক লগত লৈ ঘাটক স্বামীয়ে পলায়ন কৰাত সৰ্ব্বত্ৰে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।জানিব পৰামতে ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবচাৰ কছাৰীগাঁৱত ডাবল মাডাৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। সুধীৰ গগৈ(৬২) নামৰ লোকজনৰ লগতে ভাৰাতীয়া হিচাপে নতুনকৈ অহা কাজল চুংক্ৰাং(৪৫) নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ হৈছে চাঞ্চল্য৷সুধীৰ গগৈৰ মৃতদেহ নিজৰ শোৱনী কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে একেটা ঘৰৰে আন এটা কোঠাত কাজল নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে।

আনহাতে এই হত্যাকাণ্ডৰ সন্দৰ্ভত মৃত মহিলা কাজলৰ কণমানি পুত্ৰই চাঞ্চল্যকৰ ভাষ্য প্ৰদানে সকলোকে সতবাক কৰি তুলিছে।সন্তানটোৰ ভাষ্য –মোৰ দেউতা ৰাজীৱ চুংক্ৰাং ওৰফে পেগুৱে প্ৰথমে সুধীৰ গগৈক তাৰ পাছত মোৰ মাক হত্যা কৰিলে।দৰাচলতে এই কনমানিটো কাজলৰ প্ৰথম গিৰিয়েকৰ সন্তান বুলি জানিব পৰা গৈছে যদিও অদ্যাপি স্পষ্ট হোৱা নাই।

আনহাতে যোৱা ২৮ নৱেম্বৰত ৰাজীৱ চুংক্ৰাং; সুধীৰ গগৈৰ ভাৰাঘৰলৈ ভাৰাতীয়া হিচাপে আহিছিল।কিন্তু ইয়াৰ পিছতেই কিয় হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।ঘটনাৰ বিবৰণী মতে চহৰখনৰ মলখুবচাৰ কচাৰীগাঁওৰ জ্ঞান-বিজ্ঞান একাডেমীৰ সমীপত সুধীৰ গগৈয়ে অকলশৰীয়াকৈ  বাঁহৰ বাসগৃহটোত বসবাস কৰি আহিছিল।নিজ ভেটিৰ লগতে অলপ মাটি থকাৰ বাহিৰে সুধীৰৰ চাৰিসীমাত তেনে কোনো বেৰা নাছিল।তাৰোপৰি ঘৰৰ সন্মুখত নাছিল কোনো বেৰা বা গেট।ঘাইপথৰ পৰা প্ৰায় ৫০মিটাৰ নিলগত থকা সুধীৰৰ দুয়োকাষে দুটাকৈ ঘৰ থকা স্বত্বেও শীতৰ জোনাকভৰা নিশা ঘাটকে হত্যা কৰি নিৰ্ভয়ে পলায়ন কৰিলবলৈ সক্ষম হল। অবিবাহিত সুধীৰ গগৈৰ নিজৰ বুলিবলৈ ৬ গৰাকী  ভতিজী থকাৰ বাহিৰে ওচৰত বিশেষ সৰ্ম্পকীয় নাছিল বুলি জানিব পৰা গৈছে।কাজলৰ কনমানি পুত্ৰই পৰিয়ালৰ লোকক খবৰ দিয়াতহে জানিব পাৰি আৰক্ষীক খবৰ দিয়া হয়।ঘটনাৰ খবৰ পোৱা মাত্ৰেই ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।জানিব পৰা মতে সুধীৰ গগৈৰ হাত ভৰি বান্ধি থকা অৱস্থাত মৃতদেহটো এখন লেপৰে ঢাকি ৰাখিছিল।এখন ৰুটি বনোৱা তাৱাৰ জৰিয়তে অতি নৃশংস ভাৱে হত্যা কৰা হয় প্ৰায় ৬২ বছৰীয়া অবিবাহিত লোক জনক।সুধীৰৰ মুৰত তাৱাৰে মৰিয়াই মৰিয়াই নিজ শোৱনি কোঠাত অতি পাশৱিকভাবে হত্যা কৰা হৈছে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ।

আৰক্ষীৰ সূত্ৰ অনুসৰি সুধীৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰি এদিন বা দুদিনৰ পূৰ্ৱে হত্যা কৰা বুলি অনুমান কৰা হৈছে।ইয়াৰ পাছতে ঘৰটোৰ মাজৰ এটা কোঠা এৰি তৃতীয়টো কোঠালিৰ বিছনাত কাজল নামৰ মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰি পলায়ন কৰে হত্যাকাৰীয়ে।মৃত মহিলা কাজলৰ কনমানি পুত্ৰই নিজ দেউতাকে হত্যা কৰিছে বুলি সদৰী কৰিলেও স্বাভাৱিকতে বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে।নিজ পুত্ৰৰ সন্মুখতে দুটাকৈ জঘন্য হত্যাকাণ্ড সংঘটিত কৰাত কনমানিটো কি দৰে হাৰি গল?নিশাই অৱগত কৰাত আৰক্ষীক লগে লগে খবৰ দিয়া নহল কিয়? আনহাতেদি তাৎক্ষণিকভাবে ৫ বছৰীয়া কনমানিটোৱে সুধীৰৰ ভতিজীহঁতক অৱগত কৰাৰ পাছতো ভতিজীৰ পৰিয়ালে দদায়েকক দেখা নোপোৱা বা কোঠাত তলা লাগি থকা বুলি সংবাদকৰ্মীক অৱগত কৰা বিষয়বোৰে সমগ্ৰ ঘটনাটো ৰহস্যঘন কৰি তুলিছে।তাতোকৈ আচৰিত কথা যে এদিন পূৰ্ৱে ভাৰতীয়া হিচাপে অহা কাজলৰ পৰিয়ালৰ সবিশেষ সুধীৰৰ পৰিয়ালৰ লোকে জানিল কেনকৈ?অৱশ্যে আৰক্ষীৰ প্ৰকৃত তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক: ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like