তামুলপুৰত শ্ৰীশ্ৰী লক্ষ্মী মাইনাও পূজাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ; স্মৃতি গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : তামুলপুৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ ৭৭ সংখ্যক মহোৎসৱটি আজিৰে পৰা সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী হিচাপে আৰম্ভ হৈছে । আজি এক উদুলি মুদুলি পৰিবেশত মুখ্যদ্বাৰ উন্মোচন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে । শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ দ্বাৰ উন্মোচন কৰে বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই । বন্তি প্ৰজ্বলন কৰে লক্ষ্মী মন্দিৰৰ স্থায়ী দেউৰী মহেশ দাসে ।
মাইনাও মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে তামুলপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি গজেন সিংহ আৰু মাইনাও মন্দিৰৰ স্থায়ী দেউৰী বিস্তি বড়োৱে । পুৱা ৯ বজাত শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও স্থায়ী সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে স্থায়ী সমিতি দুখনৰ সভাপতি বিপুল চন্দ্ৰ লহকৰ আৰু চপন বড়োৱে । মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি জলেন দৈমাৰীয়ে । ইয়াৰ সমান্তৰালভাৱে ৭৫ খন পতাকা উত্তোলন কৰে ৭৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে । মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক নৃপেন বৰা আৰু সাংস্কৃতিক উপ সমিতিৰ সম্পাদক সোণেশ্বৰ কলিতাই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত সাহিত্যিক খনিন্দ্ৰ নাৰ্জীৰ ৰচনা , উদীয়মান কণ্ঠশিল্পী নবদ্বীপ কলিতাৰ সুৰাৰোপিত আৰু স্থানীয় শিল্পীসকলে কণ্ঠ নিগৰোৱা বৃন্দ গীতটোৱে সকলোকে সন্মোহিত কৰে । স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে শ্ৰীশ্ৰী লক্ষ্মী পূজা স্থায়ী সমিতিৰ সম্পাদক সতীশ ডেকা , মাইনাও পূজা স্থায়ী সমিতিৰ সভাপতি গণেশ নাৰ্জী আৰু মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক নৃপেন বৰাই । কেইবাটাও কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি খনিন্দ্ৰ নাৰ্জীৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান ।
মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাংস্কৃতিক উপ সমিতিৰ সম্পাদক সোণেশ্বৰ কলিতাই আঁত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সম্পাদক নৃপেন বৰাই । সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে । স্মৃতি গ্ৰন্থ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে । স্মৃতি গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষনত তেওঁ কয় যে ভগৱানক ভয় কৰা মানুহে কেতিয়াও জীৱনত বেয়া কাম কৰিব নোৱাৰে । ভগৱানক ভয় কৰা মানুহে জীৱনত উন্নতি কৰিছে । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰঙিয়া শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পার্থ ফুকন মহন্তই এক তত্বগধূৰ ভাষণ ৰাখে । এই সভাখনত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়া , তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ৰবেন ৰাভা , তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি অজিত বড়ো আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাৰ পূৰ্বে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰফুল্ল মেধিয়ে ৰচনা কৰা , অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী মুনীন্দ্ৰ তালুকদাৰে সুৰ কৰা এটি বৃন্দ গীত পৰিবেশন কৰে স্থানীয় একাংশ শিল্পীয়ে । উল্লেখযোগ্য যে আজিৰে পৰা অহা ১৫ অক্টোবৰলৈ সাত দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ মহাৰজত জয়ন্তী মহোৎসৱ ।