তিনিচুকীয়াত ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক তিৰোভাৱ তিথি আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস পালন
নিয়মীয়াবাৰ্তা, ২৪ মে:- আজিৰ দিনটোত প্রাচীন মটক ৰাজ্যৰ বুৰঞ্জী প্ৰসিদ্ধ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ, প্রয়াত বীৰ জনাৰ পবিত্ৰ স্মৃতিত অতিজৰ পৰাই তেখেতৰ তিৰোভাৱ তিথি (দিৱস) হিচাবে পালন কৰি অহা হৈছে । চলিত বৰ্ষটো বীৰজনাৰ পবিত্ৰ স্মৃতিত আজি ২২১ সংখ্যক তিৰোভাৱ তিথি আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস হিচাবে বিভিন্ন ঠাইৰ লগতে তিনিচুকীয়াৰ, তিনিকোনীয়া স্থিত মায়ামৰা নামঘৰত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় । তিনিকোনীয়া স্থিত মায়ামৰা নামঘৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ভকত বৃন্দৰ উপস্থিতিত এই তিথিৰ পালন কৰা হয়। তিনিকুনীয়া পুখুৰীত স্থিত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে জিলা উপায়ুক্ত স্বপনীল পালে।
আজিৰ এই কাৰ্যসূচীত আয়োজিত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে জিলা উপায়ুক্ত স্বপনীল পাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁইৰ লগতে মঠক জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি বৰ্গ । এই সভাখনিৰ সভাপতিত্ব কৰে মটক ৰাজবংশ উন্নয়ন সমিতি লগতে মটক জনগোষ্ঠীয় কেউটা ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি হেমন্ত গোহাঁইয়ে। উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানত উপস্থিত হৈ কয় যে আজি তিনিচুকীয়া চহৰ তথা জিলাখনৰ বাবে এক ঐতিহাসিক দিন। স্বৰ্গদেউ সৰ্বানন্দ সিংহ এগৰাকী বলিষ্ঠ , সাহসী আৰু দূৰদৰ্শী শাসক আছিল। তেখেতে তেখেতৰ শাসন কালতেই জল সংৰক্ষণৰ কথা চিন্তা কৰি তিনিচুকীয়া চহৰৰ ভিতৰতেই কেইবাটাও ঐতিহাসিক পুখুৰী খন্দাইছিল । বৰ্তমান এই পুখুৰী কেইটাক লৈ ৰাইজৰ সহায়ৰ বাবে চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।
আজি এনে এগৰাকী বীৰ শাসকৰ স্মৃতি অনুষ্ঠানত উপস্থিত হৈ যথেষ্ট সুখী বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে। তাৰোপৰি সংগঠনৰ সভাপতি হেমন্ত গোহাঁইয়ে কয় যে অতীজৰে পৰা মটক জনগোষ্ঠীৰ লোকসকলে প্ৰত্যেক বছৰেই মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথি পালন কৰি আহিছে। গুইজানস্থিত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সমাধিস্থলীত আজিৰ দিনটোত গায়ন বায়নেৰে মটক জনগোষ্ঠীৰ ধৰ্মীয় নিয়ম নীতিৰে তিৰুভাৱ তিথি পালন কৰা হৈছে। লগতে আজি
ৰজাদিনীয়া কীৰ্তি চিহ্নসমূহত এযোৰ তামোল পাণ আৰু চাকি জ্বলাই সেৱা জনোৱা হয় বুলি জানিব দিয়ে। লগতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যলয়তো স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ তিৰুভাৱ তিথি পালন কৰা হয়। সংগঠনটোৱে নিজৰ কাৰ্যলয়তে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰা লগতে বন্তি প্ৰজ্বলন কৰে। লগতে বীৰ জনাৰ স্মৃতিত সন্ধিয়া সকলো ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হব বুলি জানিব দিয়ে।
প্ৰেৰক: সুৰজ দাস, তিনিচুকীয়া