নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বিশিষ্ট সাহিত্যিকক ‘ইণ্ডিয়ান অইল কৰৰ্পৰেশ্যন বঙাইগাঁও ৰিফাইনাৰী প্ৰতিভা ৰত্ন বঁটা’ ২০২২ প্ৰদান 

নিয়মীয়া বাৰ্তা,১৪ মে’: বঙাইগাঁও শোধনাগাৰে তিনি বিশিষ্ট সাহিত্যিকক ‘ইণ্ডিয়ান আইল কৰ্পৰেশ্যন বঙাইগাঁও ৰিফাইনাৰী প্ৰতিভা ৰত্ন বঁটা প্ৰদান কৰে। শোধনাগাৰৰ কৰ্মচাৰী সকলৰ আবাসিক চৌহদ বিজিআৰ উপনগৰীত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা ব’হাগী উৎসৱৰ লগত সংগতি ৰাখি কালি তিনিগৰাকী বিশিষ্ট সাহিত্যিকক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্দ্ধনা জ্ঞাপন কৰা সাহিত্যিক কেইগৰাকী ক্ৰমে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটীৰ নিৰ্বাচনী ব’ৰ্ডৰ সাধাৰণ সম্পাদক তথা বঁটা নিৰ্বাচনী কমিটীৰ সদস্য, সাহিত্য অকাডেমি বঁটা প্ৰাপক হৰিনাৰায়ণ খাখলাৰী, কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি তথা বৰ্তমানৰ উপদেষ্টা ৰবীন্দ্ৰ নাথ ৰায় আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি বিক্ৰম মেধী। ভাষাৰ প্ৰতি আগবঢ়োৱা অবদান তথা সেৱাৰ বাবেই তিনিওগৰাকী সাহিত্যিকক  ‘ইণ্ডিয়ান অ’ইল ক’ৰ্পৰেশ্যন বঙাইগাঁও ৰিফাইনেৰী প্ৰতিভা ৰত্ন বঁটা, ২০২২’  প্ৰদান কৰা হয়। বঁটা হিচাপে গামোচা, আৰণাই, প্ৰশস্তি পত্ৰ আৰু নগদ ৪৫ হাজাৰ টকা প্ৰদান কৰা হয়।

বঙাইগাঁও শোধনাগাৰৰ হৈ বঁটাসমূহ প্ৰদান কৰে মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ প্ৰধান নয়ন কুমাৰ বৰুৱাই। অনুষ্ঠানত মুখ্য মহাপ্ৰৱন্ধক  ( টি এছ এণ্ড এইচ এছ ই) এছ বি লহকৰ, মুখ্য মহাপ্ৰৱন্ধক (বিত্ত ) কে  ভি এছ সুবুধি, ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক( মানৱ সম্পদ) জৰ্জ ঈছৰাৰি, মহাপ্ৰৱন্ধক( মানৱ সম্পদ) চন্দ্ৰিমা শৰ্মা, উদযাপন সমিতিৰ সভাপতি অৰূপ লস্কৰ , বি জি আৰ ই ইউৰ সভাপতি, সম্পাদক  আৰু শোধনাগাৰ বিষয়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে অন্যান্য  প্ৰতিনধি সকলৰ লগতে শোধনাগাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে। অনুষ্ঠানত স্মৰণিকা ‘এনাজৰী’ খনো উন্মোচন কৰে।।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like