নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Tripura New CM: মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ত্ৰিপুৰাত বিপ্লব কুমাৰ দেৱৰ পদত্যাগৰ পিছত মানিক সাহা নতুন মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছে। বিজেপি বিধায়িনী দলৰ বৈঠকত মানিক সাহাক সকলো সদস্যই বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে।

বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয়, ত্ৰিপুৰা বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মানিক সাহাক অভিনন্দন জনাইছোঁ। মই নিশ্চিত যে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আৰু আপোনাৰ নেতৃত্বত ত্ৰিপুৰা উন্নয়নৰ নতুন শিখৰত উপনীত হ’ব।

মন কৰিবলগীয়া যে মানিক সাহা পেছাত এজন দন্ত চিকিৎসক। তেওঁ যোৱা মাহত এপ্ৰিলত ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। সাহাই ২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল, যাৰ পিছত তেওঁক ২০২০ চনত তেওঁ দলটোৰ ৰাজ্যিক সভাপতি হৈছিল।

উল্লেখ্য যে মানিক সাহা ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যসভাৰ সাংসদো। দলটোৱে নিৰ্বাচনৰ মাত্ৰ এবছৰ পূৰ্বে তেওঁৰ ওপৰত বিশ্বাস ৰাখি তেওঁক এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে।

You might also like