নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত দুদিনীয়াকৈ আয়োজিত নাম সংঘৰ ভাওনা প্ৰদৰ্শনৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: তেজপুৰৰ বামপৰ্বতীয়াস্থিত ভূপেন ডেকা ৰংগ মঞ্চত তেজপুৰ কৃষ্ণ – সূৰ্য আঞ্চলিক নাম সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা ভাওনা প্ৰদৰ্শন কালি নিশা সামৰণি পৰে। ৭ এপ্ৰিল সন্ধিয়া গন্ধৰ্ব অনুষ্ঠানৰে শুভাৰম্ভ কৰা ভাওনাৰ ৮ এপ্ৰিল পুৱা অস্থায়ী মণ্ডপত পুৱা প্ৰাতঃ প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। ইয়াৰ পাছতে ভকত বৃন্দই নাম প্ৰসংগ কৰে। বিয়লি বন্তি প্ৰজ্বলন কৰাৰ উপৰিও খোল বাদন কৰে। প্ৰতিকূল বতৰৰ মাজতে শংকৰী কৃষ্টিৰ সাধক দিলিপ বৰাৰ পৰিচালনাৰে নিশা মঞ্চস্থ হয় হৰি হৰৰ যুদ্ধ। ন – পুৰণি শিল্পীয়ে অভিনয় কৰা নাটখনে ৰাইজক আমোদ দিবলৈ সক্ষম হয়। একেদৰে দ্বিতীয় নিশা অৰ্থাৎ কালি সন্ধিয়া খোলবাদনৰ অন্তত নিশা ১০ বজাত শ্ৰী শ্ৰী নিকামুল সত্ৰৰ বৰ বায়ন শ্ৰীকুমাৰ বৰুৱাৰ পৰিচালনাত নৃসিংহ যাত্ৰা ভাওনা প্ৰদৰ্শন কৰে। একুৰিৰো অধিক ন পুৰনি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা নাটখনত আৰু পাঁচটি শিশু ক্ৰমে নৃশাংক গোস্বামী, কুনাল জ্যোতি পটংগীয়া, হিমাংশু শইকীয়া, প্ৰিয়াংশু বৰুৱা আৰু হিমাংশু বৰাই অভিনয় কৰে।

You might also like