তেজপুৰৰ ছিলভাৰ জুবিলী প্রাথমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে অভিভাৱকৰ ভিৰ
কোনে কয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভর্তিৰ বাবে আগ্রহী নহয় সমাজ...
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ বিগত কেইটামান বছৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ খবৰে৷ এনে নেতিবাচক বাতাৱৰণৰ মাজতেই তেজপুৰৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা৷
কোনে কয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ অভিভাৱকসকল আগ্রহী নহয়৷ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থা সন্তোষজনক হ’লে অসমীয়া মাধ্যমৰ বিদ্যালয়তো নিজৰ সন্তানৰ নামভর্তি কৰাবলৈ আজিও আগ্রহী সচেতন অভিভাৱক৷ ইয়াৰ জ্বলন্ত উদাহৰণ তেজপুৰ চহৰৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত ছিলভাৰ জুবিলী প্রাথমিক বিদ্যালয়৷
যিখন বিদ্যালয়ত নিজৰ সন্তানৰ নামভর্তিৰ বাবে দিনৰ দিনটো অভিভাৱকসকলে শাৰী পাতি অপেক্ষা কৰিও বিফল হ’ব লগা হয়৷ কাৰণ এটাই– সীমিত আসনৰ বিপৰীতে নামভর্তি কৰিবলৈ অহা শিশুৰ সংখ্যা বহু গুণেই বেছি৷
এইবাৰ এই বিদ্যালয়খনৰ অংকুৰ শ্রেণীৰ বাবে ৮০খন আৰু মুকুল শ্রেণীৰ বাবে ৪০খন আসনত নতুনকৈ নামভর্তিৰ বাবে আবেদন–পত্র গ্রহণ কৰা হৈছে৷ কিন্তু আশ্চর্যজনকভাৱে তিনিৰ পৰা চাৰিশ অভিভাৱকে নিজ সন্তানৰ নামভর্তিৰ বাবে ইচছুক৷ অৱশ্যে বিদ্যালয় কর্তৃপক্ষই এইপর্যন্ত ১৬৩খন আবেদন–পত্রহে গ্রহণ কৰিছে৷ বাকী অধিকাংশই নামভর্তিতো দূৰৰে কথা, আবেদন–পত্রই জমা দিব নোৱাৰিলে৷ প্রণিধানযোগ্য যে বিদ্যালয়খনত বর্তমানে শিক্ষা গ্রহণ কৰি থকা ৮১৬গৰাকী শিক্ষাৰ্থী ১১১গৰাকীয়ে বিদ্যালয় শিক্ষা সাং কৰিব৷ হয়তো অসমত এনে প্রাথমিক বিদ্যালয় কমেই আছে, য’ত নেকি কম্পিউটাৰ, হস্তশিল্প, সংগীত আৰু খেলা–ধূলাৰ পৰিৱেশৰ লগতে আকাশবাণীৰ জৰিয়তে শিক্ষাথ্সকলৰ অনুষ্ঠান পৰিৱেশনৰ সু–ব্যৱস্থা আছে৷ দুটাকৈ তিনি মহলীয়া ভৱনৰ উপৰি কেইবাটাও সু–সজ্জিত তথা অলংকৃত শ্রেণীকোঠা, শিশুৰ বাবে পুথিভঁৰাল, ক্রীডা গৃহ, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ আদিৰ ব্যৱস্থা আছে৷ অংকুৰৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদানৰ ব্যৱস্থা থকা বিদ্যালয়খনত ২৮গৰাকী শিক্ষক–শিক্ষয়িত্রী নিযুক্ত হৈ আছে৷
লক্ষণীয়ভাৱে এই বিদ্যালয়খন অসমীয়া মাধ্যমৰ যদিও প্রায় ৩০ শতাংশ শিক্ষাথ্ বাংলাভাষী পৰিয়ালৰ৷ একেদৰে হিন্দু, মুছলমান ছাত্র–ছাত্রীৰ লগতে হৰিজন আৰু বিভিন্ন সম্প্রদায়ৰ শিক্ষাথ্য়ে অধ্যয়ন কৰা বিদ্যালয়খনত দৰিদ্র শ্রেণীৰ পৰা মধ্যবিত্ত, উচ্চ মধ্যবিত্তলৈকে সকলো শ্রেণীৰেই শিক্ষাথ্য়ে একেলগে শিক্ষাগ্রহণ কৰে৷