নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰ্জী ফুলৰ মালা নহয়…‘কা’বিৰোধী প্লেকার্ড লৈ ৰভাথলীত দৰা–কইনা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ তীর্থনগৰী হাজোত ‘কা’বিৰোধী প্রতিবাদেৰে ব্যাপক চর্চালৈ আহিছে এহাল দৰা–কইনা ৷

কিয়নো বিয়াৰ দিনাই দৰা–কইনাই বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ৷ ‘কা’বিৰোধী প্লেকার্ড  হাতত লৈ ৰভাতলীৰ পৰা দৰা–কইনাই কৰিলে অভিনৱ প্রতিবাদ৷

হাজোৰ দলৈতোলাৰ শিক্ষক ফিৰোজ আলীৰ জীয়াৰী নাহৰ ইফতিহাম আনজুমৰ সৈতে হাজোৰ বৰম্বৈৰ ৰেকিব আহমেদ নামৰ যুৱকজনৰ বৃহস্পতিবাৰে নিকাহ সম্পন্ন হয়৷

বিবাহথলীত দৰা–কইনাই এনেকৈয়ে জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে প্রতিবাদ কৰা ঘটনাই হাজোৰ বৃহত্তৰ অঞ্চলত ব্যাপক চর্চা লাভ কৰিছে৷

You might also like