দীৰ্ঘদিনে শাৰিৰীকভাৱে অসুস্থ বিভূতি শইকীয়াই লাভ কৰিলে ডিষ্টিংচন
নিয়মীয়া বাৰ্তা, ৬ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জুৰীয়াৰ খেৰনী গাঁৱৰ দীৰ্ঘদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ এজন ছাত্ৰই দেখুওৱা ফলাফলত ছাত্ৰজনৰ পৰিয়ালটিৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।
শিশু অৱস্থাৰে পৰা শৰীৰৰ গাঁঠিৰ বিষত আক্ৰান্ত হৈ থকা বিভূতি শইকীয়াৰ নামৰ শিক্ষাৰ্থী গৰাকীয়ে আজি ঘোষিত ফলাফলত পাঁচটা বিষয়ত লেটাৰ সহ ৮৬ শতাংশ নম্বৰ লাভ প্ৰথম বিভাগসহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰজনে দেখুওৱা এনে সফলতাই অঞ্চলটোৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে।
ইংৰাজীত ৯৩, সাধাৰণ গণিতত ৯৭ , সাধাৰণ বিজ্ঞানত ৮৫ , সমাজ বিজ্ঞানত ৮০, ঐচ্ছিক গণিতত ৯৬ আৰু অসমীয়া বিষয়ত ৬৭ নম্বৰ লাভ কৰিছে।